উচ্চতম ন্যায়ালয় : প্ৰতীক হাজেলা আৰু তেওঁৰ পৰিয়ালক ৰাজ্য চৰকাৰে দিব লাগিব নিৰাপত্তা

Prateek Hejela

প্ৰতীক হাজেলাৰ ফাইল ছবি

অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্ব ৰক্ষাৰ দলিল স্বৰূপ এনআৰচিৰ চূড়ান্ত খচৰা অহা ৩০ জুলাইত প্ৰকাশ কৰিব লাগিব বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰাৰ সমান্তৰালকৈ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি হাজেলাৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্যক নিৰাপত্তা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে।

উল্লেখ্য যে প্ৰতীক হাজেলাৰ নেতৃত্বতে অসমত এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ কাম চলি থকাৰ সময়তে এন আৰ চিৰ পৰা বহু বাংলাদেশীৰ নাম বাদ পৰাৰ সম্ভাৱণাই দেখা দিছে।

সেয়ে বিভিন্ন বিভেদকামী শক্তিয়ে ৰাজ্যখনৰ শান্তি-শৃংখলা বিনষ্ট কৰিবলৈ চেষ্টা চলাব পাৰে বা ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা আৰু তেওঁৰ পৰিয়ালক আক্ৰমণ কৰাৰ সম্ভাৱণাও নুই কৰিব নোৱাৰি।

এই ক্ষেত্ৰত সোমবাৰৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে ৰাজ্যিক সমন্বয়ক হাজেলা আৰু তেওঁৰ পৰিয়ালৰ নিৰাপত্তাৰ ক্ষেত্ৰত শংকা আছে নেকি বুলি সোধাত সমন্বয়কগৰাকীয়ে শংকাৰ পৰা মুক্ত নহয় বুলি জানিবলৈ দিয়াত এই সিদ্ধান্ত গ্ৰহণ কৰে।

উচ্চতম ন্যায়ালয়ক ৰাজ্য চৰকাৰে হাজেলাৰ ঘৰত হাউছ গাৰ্ড, পৰিয়ালৰ সদস্যক দেহৰক্ষী দি নিৰাপত্তা দিব পৰাৰ কথা অৱগত কৰাত মুখ্য সচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধানক এটা সপ্তাহৰ ভিতৰত নিৰাপত্তাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিবলৈ  নিৰ্দেশ দিয়ে।