NORTHEAST NOW (Assamese)

প্ৰথম বাৰৰ বাবে লিডুত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ আধাৰ-শিলা স্থাপন

July 30, 2018 9:17 am · মানস প্ৰতিম গগৈ
Updated: July 30, 2018 9:20 am

২৯ জুলাইত মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলীয়ে আনুষ্ঠানিক ভাৱে দুটাকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে।

উল্লেখযোগ্য যে প্ৰধান মন্ত্ৰী খনিজ  খাদান যোজনা আঁচনিৰ অধীনত ১৭২.৮৩ লাখ টকাৰে লিডু গাঁও পঞ্চায়তৰ অন্তৰ্গত ঝৰণা বস্তি আৰু ৯৯.৪ লাখ টকা ব্যয় সাপেক্ষে জাগুন গাঁও পঞ্চায়তৰ অন্তৰ্গত কঠা গাঁওত এই পানী যোগান আঁচনি ৰূপায়ন কৰিবলৈ লোৱা হৈছে।

মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলাৰ সহকাৰী উপায়ুক্ত বিক্ৰম কৈৰী  আৰু মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি সুমিত সত্তাৱনৰ উপস্থিতিত দুয়োটা পানী যোগান আঁচনিৰ উদ্বোধন কৰি সাংসদ তেলীয়ে ৰাইজক উদ্দেশ্যি কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জন মুখী আঁচনিৰ কথা ব্যক্ত কৰে।

উল্লেখযোগ্য যে দুয়োটা অঞ্চলৰ ৰাইজে স্বাধীনোত্তৰ কালৰ পৰাই বিশুদ্ধ খোঁৱা পানীৰ সমস্যাত দুৰ্ভোগ ভুগি আহিছিল। স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ তৎপৰতাত ৰূপায়ন হ’ব লগা এই আঁচনি দুটাই দুয়োটা অঞ্চলৰ শ শ পৰিয়ালৰ এটি গুৰুত্বপূৰ্ণ সমস্যা সমাধান কৰিব।

Related News