অসমীয়া জাতীয় জীৱনৰ বহু আকাংক্ষিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা আজি প্ৰকাশ পাব ৷ এন আৰ চিৰ খচৰা প্ৰকাশ পোৱাৰ পিচত বৰপেটা জিলাত বিশেষকৈ বৰপেটা বিধান সভা সমষ্টি এলেকাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু শান্তি সম্প্ৰীতি অটুট থাকে তাৰ বাবে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে দায়িত্ব পালন কৰিবলৈ আহ্বান জনাইছে বৰপেটা বিধান সভা সমষ্টিৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷
দেওবাৰে বৰপেটা জিলা অগপৰ কাৰ্যালয়ত বৰপেটা সমষ্টি ভিত্তিত অনুষ্ঠিত এখন দলীয় কৰ্মীসভাত সভাপতিত্ব কৰি বিধায়ক গৰাকীয়ে এই আহ্বান জনায় ৷ বিধায়কগৰাকীয়ে কয় যে, বৰপেটা সমষ্টিৰ প্ৰতিটো এলেকাত শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে দলৰ প্ৰতি গৰাকী আঞ্চলিক পৰ্যায়ৰ কৰ্মীয়ে সুচাৰুৰূপে দায়িত্ব পালন কৰিব লাগিব ৷
এন আৰ চিৰ খচৰাত নাম অন্তৰ্ভুক্তি নোহোৱাসকলে শংকিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় যে, প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কিবা কাৰণত খচৰাত অন্তৰ্ভুক্ত নহলেও তেওঁলোকে পুনৰ আবেদনৰ জৰিয়তে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ লাভ কৰিব ৷
আগন্তক পঞ্চায়ত নিৰ্বাচন আৰু দলীয় সাংগঠনিক স্থিতি সম্পৰ্কত বৰপেটা জিলা অগপৰ কাৰ্যালয়ত কৰ্মী সভাখন অনুষ্ঠিত হয় ৷ বৰপেটা সমষ্টিভিত্তিত অনুষ্ঠিত এই কৰ্মী সভাত সমষ্টিটোৰ অন্তৰ্গত ১৪ খন আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক, জিলা প্ৰতিনিধি, কাৰ্য্যনিৰ্বাহক সদস্য, দলৰ ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়া তথা সদস্য-সদস্যা উপস্থিত থাকে ৷
উক্ত সভাতে এন আৰ চি সম্পৰ্কত এক গুৰুত্বপুৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ সেই অনুসৰি এন আৰ চিৰ খচৰাত যিসকল ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক সকলো প্ৰকাৰে সহায় সহযোগ কৰিবলৈ আৰু সন্দেহযুক্ত লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বিষয় সম্পৰ্কত তদাৰক কৰিবলৈ পঞ্চায়ত ভিত্তিত একোখনকৈ উপ সমিতি গঠন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷