অসমত বুধবাৰে পুৱা এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে। কলকাতাৰ পৰা মিজোৰাম অভিমুখী কলকাতা-ছাইৰাং এক্সপ্ৰেছ নামৰ যাত্ৰীবাহী ৰে’লখনৰ ৫ টা দবা আৰু ইঞ্জিনটো দিগাৰু ৰে’লৱে ষ্টেচনৰ সমীপত পুৱা ৬:৫৪ বজাত লাইনচ্যুত হয়। অৱশ্যে, এই ঘটনাত কোনো যাত্ৰীৰ প্ৰাণহানি হোৱা নাই বুলি ৰে’লৱে কৰ্তৃপক্ষই জানিবলৈ দিছে। মাত্ৰ কেইগৰাকীমান যাত্ৰীয়ে সাধাৰণ আঘাত পোৱা বুলি খবৰ পোৱা গৈছে। ইতিমধ্যে ঘটনাস্থলীত উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰতাৰে চলাই থকা হৈছে।
ৰে’লৱে বিভাগে প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰিছে যে, বিপৰীত দিশৰ পৰা অহা অন্য এখন ৰে’লক পাৰ হ’বলৈ সুবিধা কৰি দিয়াৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। ৰে’লখনৰ ল’ক’ পাইলট অৰ্থাৎ চালকগৰাকীয়ে ৰে’লখনৰ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলতেই ইঞ্জিনকে ধৰি ৫ টা দবা লাইনচ্যুত হয়।
ইতিমধ্যে দুৰ্ঘটনাস্থলীত জৰুৰীকালীন সেৱা আৰু ৰে’লৱেৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। চিকিৎসালয়ৰ দৃশ্যৰ পৰা দেখা গৈছে যে কেইগৰাকীমান যাত্ৰীৰ হাত আৰু উৰুত সাধাৰণ আঘাত লাগিছে আৰু তেওঁলোকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হৈছে।
ৰে’লৱে কৰ্তৃপক্ষই জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰি দুৰ্ঘটনাত পতিত ৰে’লখনৰ যাত্ৰীসকলক গন্তব্যস্থানলৈ নিয়াৰ বাবে এখন বিকল্প ৰে’লৰ ব্যৱস্থা কৰিছে। বৰ্তমান দুৰ্ঘটনাস্থলীত উদ্ধাৰকাৰ্য আৰু লাইন মুকলি কৰাৰ কাম যুদ্ধকালীন তৎপৰতাৰে চলি আছে আৰু ৰে’ল চলাচল স্বাভাৱিক কৰিবলৈ প্ৰয়াস কৰা হৈছে।





