দেশত ইউপিআই লেনদেনে এক যুগান্তকাৰী পৰিৱৰ্তন আনিলেও ভাৰতীয় গ্ৰাহকৰ মাজত এতিয়াও নগদ ধনৰ ব্যৱহাৰ আৰু মোহ অটুট আছে। ২০১৬ চনৰ ৮ নৱেম্বৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিমুদ্ৰাকৰণ সিদ্ধান্তৰ ১০ বছৰ অতিক্ৰম কৰাৰ পাছতো বজাৰত নগদ ধনৰ চাহিদা হ্ৰাস পোৱাৰ পৰিৱৰ্তে ক্ৰমাগতভাৱে বৃদ্ধিহে পাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এক শেহতীয়া জৰীপ আৰু প্ৰতিবেদন অনুসৰি, ডিজিটেল লেনদেনৰ সমান্তৰালভাৱে মানুহে এতিয়াও নগদ ধনৰ ব্যৱহাৰক অধিক অগ্ৰাধিকাৰ দিয়ে।
পৰিসংখ্যা অনুসৰি, ২০১৬ চনৰ ৮ নৱেম্বৰত বিমুদ্ৰাকৰণৰ ঘোষণাৰ সময়ত দেশত প্ৰচলিত নগদ ধনৰ পৰিমাণ আছিল ১৭.৭৭ লাখ কোটি টকা। ইয়াৰ বিপৰীতে ২০২৬ চনৰ ২৩ অক্টোবৰলৈকে এই পৰিমাণ ৪৩.১৬ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। অৰ্থাৎ যোৱা এক দশকত বজাৰত প্ৰচলিত নগদ ধনৰ পৰিমাণ প্ৰায় ১৪৩ শতাংশ বৃদ্ধি পাইছে। আৰবিআইৰ ২০২৬ চনৰ মে’ মাহৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, ২০২৬ চনৰ মাৰ্চ মাহৰ অন্তত প্ৰচলিত বেংক নোটসমূহৰ মুঠ মূল্য আছিল প্ৰায় ৪১.২৪ লাখ কোটি টকা। ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰচলিত বেংক নোটৰ মূল্য ১১.৯ শতাংশ আৰু সংখ্যা ১০.৫ শতাংশ বৃদ্ধি পাইছে।
আনহাতে, ডিজিটেল লেনদেনৰ ক্ষেত্ৰতো ভাৰতে এক নতুন অভিলেখ গঢ়িছে। ২০২৬ চনৰ অক্টোবৰ মাহত দেশত ইউপিআইৰ জৰিয়তে ২৫.৪৬ বিলিয়ন লেনদেন সম্পন্ন হৈছে, যাৰ মুঠ মূল্য হৈছে ৩১.৫৩ লাখ কোটি টকা। ২০১৬-১৭ বিত্তীয় বৰ্ষত ইউপিআইৰ জৰিয়তে মাত্ৰ ১.৭৮ কোটি লেনদেন হোৱাৰ বিপৰীতে ২০২৫-২৬ বিত্তীয় বৰ্ষত এই সংখ্যা ২৪,১৬২ কোটিৰো অধিকলৈ বৃদ্ধি পাইছে। অৰ্থাৎ ইউপিআইৰ দ্ৰুত প্ৰসাৰৰ পাছতো নগদ ধনৰ ব্যৱহাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০২৩ চনৰ এক গৱেষণা পত্ৰ অনুসৰি, গ্ৰাহকসকলে কেৱল দৈনন্দিন বজাৰ-সমাৰৰ বাবেই নহয়, বৰঞ্চ জৰুৰীকালীন অৱস্থা আৰু ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিও নগদ ধন জমা কৰি ৰাখে। ইয়াৰ উপৰি, ইণ্টাৰনেটৰ সমস্যা, কাৰিকৰী বিজুতি আৰু বেংকিং সেৱাৰ সীমিত উপলব্ধতাৰ বাবেও নগদ ধনৰ ব্যৱহাৰ বৰ্তমানলৈকে অপৰিহাৰ্য হৈ আছে।
আৰবিআইৰ তথ্য অনুসৰি, ২০২৬ চনৰ ৩১ মাৰ্চলৈকে প্ৰচলিত মুঠ বেংক নোটৰ মূল্যৰ ফালৰ পৰা ৫০০ টকীয়া নোটৰ অংশগ্ৰহণ আছিল সৰ্বাধিক ৮৫.৫ শতাংশ। আনহাতে, সংখ্যাৰ ফালৰ পৰা ৫০০ টকীয়া নোট ৪১.২ শতাংশ, ১০ টকীয়া নোট ১৬.১ শতাংশ আৰু ১০০ টকীয়া নোট ১৫.৭ শতাংশ আছিল। ইয়াৰ লগতে ২০০০ টকীয়া নোট ঘূৰাই অনাৰ প্ৰক্ৰিয়াও প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি প্ৰকাশ পাইছে। সামগ্ৰিকভাৱে, ডিজিটেল ভাৰতৰ দ্ৰুত অগ্ৰগতিৰ মাজতো এক বৃহৎ সংখ্যক জনসাধাৰণৰ বাবে নগদ ধনেই এতিয়াও অৰ্থনৈতিক লেনদেনৰ অন্যতম নিৰ্ভৰযোগ্য মাধ্যম হৈ আছে।





