NORTHEAST NOW (Assamese)

প্ৰথম বৰ্ষপূৰ্তি পালন কৰিলে হাউলী কবি সন্মিলনে

May 20, 2018 9:32 pm · আনিছুজ জামান
Updated: May 20, 2018 9:33 pm

বৰপেটা জিলাৰ হাউলী অঞ্চলত সাহিত্য চৰ্চাৰ ক্ষেত্ৰখন প্ৰসাৰিত কৰাৰ লগতে কাব্যপ্ৰেমীসকলক উৎসাহ যোগাই সাহিত্যৰ দিশত এক নতুন মাত্রা প্ৰদান কৰা হাউলী কবি সন্মিলনে আজি এবছৰ কাল সম্পুৰ্ণ কৰিলে।

উক্ত কবি সন্মিলনৰ এবছৰ সম্পুৰ্ণ হোৱা উপলক্ষে আজি হাউলী সাহিত্য সভা ভৱনত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হয়।

পুৱা ৯ বজাত হাউলী কবি সন্মিলনৰ সভাপতি সুশীল ৰঞ্জন চৌধুৰীয়ে পতাকা উত্তোলনৰে আৰম্ভ কৰা অনুষ্ঠানত বৃক্ষৰোপন কৰে হাউলী সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰ পূজাৰীয়ে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে হাউলীৰ বিশিষ্ট নাগৰিক অধীৰ কুমাৰ চক্ৰৱৰ্তীয়ে।

পুৱা ১০ বজাত কবি সন্মিলন আৰু স্মৰণিকা উন্মোচনৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। সুশীল ৰঞ্জন চৌধুৰীয়ে সভাপতিত্ব কৰা কবি সন্মিলনত বি এইচ কলেজৰ অধ্যাপক ড° চুলতান আহমেদে সঞ্চালক হিচাপে উপস্থিত থাকে।

বিশিষ্ট কবি বনজিৎ কুমাৰ বৰ্মন আৰু প্ৰশান্ত ৰাভাই পৰ্যালোচক হিচাপে অংশগ্ৰহণ কৰা অনুষ্ঠানত সাহিত্যিক পেঞ্চনাৰ ড0 হৰেন চৌধুৰীয়ে স্মৰণিকা ‘ৰামধেনু’ উন্মোচন কৰে। অনুষ্ঠানত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে ন-পুৰনি বহু কবিয়ে স্ব-ৰচিত কবিতা পাঠ কৰে।

Related News