বিগত কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি নেতত্বাধীন চৰকাৰখনে দেশৰ প্ৰতি ঘৰতে বিনামূলীয়া বিজুলী যোগান ধৰাৰ বাবে বহুতো আঁচনি গ্ৰহণ কৰিলে। কিন্তু বাস্তৱত সেয়া সম্ভৱ হৈ নুঠিল। এই সম্পৰ্কে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সৌভাগ্য আঁচনিৰ জৰিয়তে দেশৰ প্ৰতিখন গাঁৱতে বিজুলী যোগান ধৰা হোৱা বুলি যি ঘোষণা কৰিছে সেয়া আছলতে মিথ্যাচাৰ বুলিহে প্ৰমাণিত হৈছে। কিয়নো প্ৰধান মন্ত্ৰীগৰাকীৰ দাবীৰ বিপৰীতে এতিয়াও ত্ৰিপুৰাৰ বহুতো দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ পৰিয়াল বঞ্চিত হৈ আছে বিজুলীৰ পোহৰৰ পৰা ।
উল্লেখ্য যে ত্ৰিপুৰাৰ পানীসাগৰ আৰু ধৰ্মনগৰ অঞ্চলৰ গকুলতনয় নামৰ এখন গাঁওৰ বাসিন্দাসকল এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ সৌভাগ্য আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত। স্বাধীনতাৰ ৬৮ বছৰ পাছতো কোনো গাঁওবাসী বিদ্যুতৰ পৰা বঞ্চিত হোৱাতো চৰম দুৰ্ভাগ্যজনক। গাঁওখনৰ পৰা পানীসাগৰ বিদুৎ বিভাগলৈ দুৰত্ব মাত্ৰ ৭ কিলোমিটাৰ। তৎসত্বেও বিভাগটোৰ চৰম অৱহেলাৰ বলি হৈ আহিবলগীয়া হৈছে গকুলতনয় গাঁৱৰ বাসিন্দাসকল।
কৃষ্ণ দেৱনাথ পত্নী নমিতা দেৱনাথ আৰু তেওঁৰ দুই সন্তানে দীৰ্ঘদিন ধৰি উক্ত গাওঁখনত বাস কৰি আহিছে। কিন্তু পৰিয়ালটোৱে আজি পৰ্যন্ত পোৱা নাই বিজুলী বাতিৰ পোহৰ। এতিয়াও উক্ত পৰিয়ালটোৰ সন্তানদ্বয়ে অধ্যয়ন কৰে মমবাতিৰ পোহৰত।
আনহাতে ব্ৰজচেণ্ডু আৰু শিখা সৰকাৰৰ পৰিয়ালটোৱেও একে সমস্যাত ভূগি আছে। বছৰৰ পিছত বছৰ ইখনৰ পিছত সিখন চৰকাৰ শাসনত অহাৰ পাছতো সমস্যাৰ সমাধান হোৱা নাই উক্ত দুৰ্ভগীয়া পৰিয়ালটোৰ। এতিয়াও পৰিয়ালটোৰ লোকে নাজানে সৌভাগ্য আঁচনি আৰু উজ্জ্বলা আঁচনিৰ সবিশেষ।
এই সমূহ সত্য পোহৰলৈ অহাৰ পাছত কিদৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গাঁৱতে বিজুলী সংযোগ হোৱা বুলি দাবী কৰিছে সেয়াহে অতি হাস্যকৰ।