প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব ‘মেৰীকম বক্সিং একাডেমি’

Mary Kom

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৬ মাৰ্চৰ দিনা উদ্বোধন কৰিব মেৰীকম বক্সিং একাডেমি । অনুষ্ঠানত প্ৰধান মন্ত্ৰী মোদীৰ লগত উপস্থিত থাকিব অলিম্পিক পদক বিজয়ী দুই খেলুৱৈ ক্ৰমে বক্সাৰ বিজেন্দৰ সিঙ আৰু মল্লযোদ্ধা সুশীল কুমাৰ।

পশ্চিম ইম্ফল জিলাৰ লংগল পাহাৰৰ পাদদেশত মেৰীকমৰ এই বক্সিং একাডেমিখন স্থাপন কৰা হৈছে। এই একাডেমিখন মণিপুৰৰ ৰাজধানী ইম্ফল চহৰৰ পৰা ১০ কিলোমিটাৰ নিলগত অৱস্থিত।

৩.৩ একৰ ভূমি সাঙুৰি লোৱা একাডেমিখনত বৰ্তমান ২০গৰাকী মহিলা বক্সাৰ সহ মুঠ ৪৫জন বক্সাৰ আছে।

উল্লেখ্য যে একাডেমিখন সংস্থাপনৰ বাবে ২০১৩ চনতে মণিপুৰ চৰকাৰে উক্ত ভূমিখিনি আৱণ্টন দিছিল। আৰু একাডেমিখন নিৰ্মাণৰ বাবে পূঁজি আৱণ্টন দিছিল ৰাষ্ট্ৰীয় ক্ৰীড়া উন্নয়ন নিধিয়ে।

‘বহু বছৰৰ সংগ্ৰামৰ অন্তত বিশ্ব মানৰ এই বক্সিং একাডেমি খনৰ বাবে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা উদ্যোগক ধন্যবাদ জ্ঞাপন কৰিছো’, এইদৰে একাডেমিখনৰ বিষয়ববীয়াই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে নিজৰ ভাব প্ৰকাশ কৰে।

ইয়াৰ উপৰি একাডেমিখন আনুষ্ঠানিকভাবে মুকলি কৰাৰ বাবে ১৬ মাৰ্চত ৰাজ্যখনলৈ আহিবলগীয়া প্ৰধান মন্ত্ৰীকো  তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে পাঁচবাৰৰ বিশ্ব বক্সিং চেম্পিয়ন মেৰীকম অলিম্পিক পদক জয়ী একমাত্ৰ ভাৰতীয় মহিলা বক্সাৰ।