প্ৰফুল্ল গোবিন্দ বৰুৱাসহ উত্তৰ- পূবৰ তিনিগৰাকী ব্যক্তিয়ে গ্ৰহণ কৰিলে পদ্মশ্ৰী সন্মান

Joined

যোৱা সোমবাৰে উত্তৰ- পূৰ্বাঞ্চলৰ তিনিগৰাকী বৰণ্যে ব্যক্তিয়ে দেশৰ ৰাজধানী নতুন দিল্লীত গ্ৰহণ কৰিলে সন্মানীয় পদ্মশ্ৰী সন্মান।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ লগতে বহু বিশিষ্ট ব্যক্তি  উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে।

উল্লেখযোগ্য যে সোমবাৰৰ অনুষ্ঠানটোত ৰাষ্ট্ৰপতিৰ পৰা এই বঁটা গ্ৰহণ কৰে ক্ৰমে অসমৰ প্ৰফুল্ল গোবিন্দ বৰুৱা, মণিপুৰৰ এল এছ দেৱী আৰু মিজোৰামৰ এ জাকিয়া মাৰাই।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে বিভিন্ন শিতানত পাৰদৰ্শিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা ব্যক্তি সকলক কেন্দ্ৰীয় চৰকাৰে পদ্ম সম্মান আগবঢ়াই আহিছে। চলিত বৰ্ষতো কেন্দ্ৰীয় চৰকাৰখনে প্ৰায় ৮৪গৰাকী ব্যক্তিক পদ্ম সন্মান আগবঢ়াইছে।

স্মৰ্তব্য যে ২০১৮ বৰ্ষৰ বাবে উত্তৰ- পূৰ্বাঞ্চলৰ প্ৰায় নগৰাকী ব্যক্তিয়ে সম্মানীয় পদ্ম সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে পদ্ম সন্মান লাভ কৰা কেইবাজনো লোকক প্ৰথম পৰ্যায়ত যোৱা ২০ মাৰ্চতে উক্ত সন্মান প্ৰদান কৰা হৈছিল।