NORTHEAST NOW (Assamese)

প্ৰব্ৰজন বিৰোধী মঞ্চৰ সংবাদমেল : আমছুক নিষিদ্ধ কৰাৰ দাবী

November 19, 2017 3:19 pm · এন ই নিউজ ব্যুৰো, গুৱাহাটী:

আজি গুৱাহাটীত প্ৰব্ৰজন বিৰোধী মঞ্চই এখন সংবাদমেল আয়োজন কৰি কেতবোৰ মন্তব্য প্ৰকাশ কৰে। মঞ্চখনৰ হৈ সংবাদমেলত মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই কয় যে মাদানীয়ে দিল্লীৰ সভাখনত যি পঞ্চাচ লাখ মুচলমানে এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছত বিদ্ৰোহ কৰিব বুলি কৈছে সেইসকল আচলতে বিদেশী। তেওঁ এই পঞ্চাচ লাখৰ হিচাপটো ক’ত পালে বুলিও প্ৰশ্ন কৰে। লগতে তেওঁ কয় যে অসমত এতিয়া ৮০ লাখ বাংলাদেশী আছে। এন আৰ চিৰ খচৰা প্ৰস্তুতত বিধি-পথালি দিয়া আমছুক নিষিদ্ধ কৰাৰ গত্যন্তৰ নাই বুলিও তেওঁ কয়।

Related News