প্ৰাক্তন কংগ্ৰেছ বিধায়ক বিবেকানন্দ দলৈৰ মৃত্যু

Bibekananda-Doloi-APCC-E-1

মৰিগাওঁ জিলাৰ জাগীৰোড বিধানসভা সমষ্টিক দুবাৰকৈ প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা বিবেকানন্দ দলৈ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিনে দুৰাৰোগ্য কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা প্ৰাক্তন কংগ্ৰেছ নেতাজনে মৃত্যুৰ সময়ত পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তানক এই সংসাৰত এৰি থৈ যায়।

২০০১ চনত বিবেকানন্দ দলৈ পোন প্ৰথমবাৰৰ বাবে জাগীৰোড সমষ্টিৰ পৰা প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও বিধানসভালৈ মনোনিত হ’ব নোৱাৰিলে। কিন্তু তাৰ পাছত একেৰাহে দুবাৰ ২০০৬ আৰু ২০১১ চনত উক্ত সমষ্টিৰ পৰাই নিৰ্বাচিত হয়। ২০১১-১৬ চনলৈ তৰুণ গগৈ নেতৃত্বাধীন চৰকাৰৰ শাসন কালত দলৈয়ে সংসদীয় সচিবৰ দায়িত্বও পালন কৰিছিল।

লক্ষ্যণীয়ভাৱে ২০১৬ চনতো দলৈয়ে জাগীৰোড সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও বিজেপিৰ প্ৰতিদ্বণ্ডী পিয়ুষ হাজৰিকাৰ হাতত পৰাস্ত হৈছিল।

প্ৰাক্তন বিধায়কগৰাকীৰ মৃত্যুত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে। মু্খ্য মন্ত্ৰীজনে এক শোকবাৰ্তাত কয় যে বিধায়কগৰাকীয়ে সমাজলৈ আগবঢ়োৱা অৱদানক জনসাধাৰণে সদায় স্মৰণ কৰিব। তেওঁৰ মৃত্যু ৰাজ্যখনৰ বাবে এক অপূৰণীয় ক্ষতি। আনহাতে তেওঁৰ বিদেহ আত্মাৰ চিৰ শান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ উপৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

ইফালে প্ৰাক্তন কংগ্ৰেছ কৰ্মীজনৰ আকস্মিক মৃত্যুত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দুখ প্ৰকাশ কৰাৰ লগতে তেওঁৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

‘সতীৰ্থ তথা প্ৰাক্তন বিধায়কগৰাকীৰ আকস্মিক মৃত্যুৰ খবৰে মৰ্মাহত কৰিছে। বিশাল মনৰ অধিকাৰী দলৈয়ে সদায় ৰাইজৰ পক্ষত থিয় দিছিল। পৰিয়ালৰ লোকক গভীৰ সমবেদনা জ্ঞাপন কৰিছো’। এইদৰে মন্ত্ৰী হিমন্তই টুইটাৰ যোগে নিজৰ দুখ প্ৰকাশ কৰে।

আনহাতে প্ৰাক্তন বিধায়কজনৰ পাৰ্থীৱ শৰীৰ আজি দিনৰ ভাগত ৰাজীৱ ভৱনলৈ অনা হয় আৰু তাত কংগ্ৰেছ নেতা-কৰ্মীসকলে শেষ শ্ৰদ্ধাঞ্জলী জনায়।