পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনীতিত নতুন সমীকৰণ আৰম্ভ হৈছে। বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো তেনে এক ৰাজনৈতিক সমীকৰণৰ লক্ষ্য আগত ৰাখি আঞ্চলিকতাবাদী দল অগপত যোগদান কৰিলে প্ৰাক্তন বিধায়ক জাভেদ ইছলামে।
অসম গণ পৰিষদ দলত যোগদান কৰি মানকাচৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামে আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপই চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে।
প্ৰায় ৪০ হাজাৰৰো অধিক সমৰ্থকৰ সৈতে অগপত যোগদান কৰা জাভেদ ইছলামে আগন্তুক সময়ত আঞ্চলিকতাবাদী ৰাজনীতিৰ জৰিয়তে মানকাচৰত নিজৰ হেৰুওৱা ভেটি পুনৰুদ্ধাৰৰ চেষ্টা চলাব।
বৃহস্পতিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা অগপৰ উদ্যোগত জে এম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা যোগদান সভাত মানকাচৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামে আনুষ্ঠানিকভাৱে যোগদান কৰে।
অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, জ্যেষ্ঠ অগপ বিধায়ক ফণীভূষণ চৌধুৰী, প্ৰাক্তন বিধায়ক ভূপেন বৰাৰ লগতে অগপৰ কেইবাগৰাকীও ৰথী-মহাৰথীৰ উপস্থিতিত প্ৰাক্তন বিধায়কগৰাকীয়ে অগপ দলত যোগদান কৰে।
যোগদান সমৱেশত উপস্থিত থকা অগপৰ সভাপতি অতুল বৰাই কয় যে সংখ্যালঘু অধ্যুষিত অঞ্চলত পূৰ্বৰে পৰা অগপৰ স্থিতি যথেষ্ট শক্তিশালী আছিল আৰু এতিয়াও এই অঞ্চলতসমূহত অগপত ভেটি শক্তিশালী হৈ আছে।
উল্লেখযোগ্য যে হিতেশ্বৰ শইকীয়া চৰকাৰৰ তদানীন্তন জনসিঞ্চন মন্ত্ৰী জেহেৰুল ইছলামৰ মৃত্যুৰ পাছত তেওঁৰ পত্নী হোছেনাৰা ইছলামে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব নাপাই এন চি পি দলৰ পৰা বিধায়িকা হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পিছত ২০০৬ চনত জেহেৰুল ইছলামৰ পুত্ৰ জাভেদ ইছলামে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব লাভ কৰে যদিও পৰাজয়বৰণ কৰে।
২০১১ চনত দলীয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি প্ৰথমবাৰৰ বাবে বিধায়ক নিৰ্বাচিত হ’বলৈ সক্ষম হয় জাভেদ ইছলামে।
ইছলামে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধায়ক নিৰ্বাচিত হৈ তৰুণ গগৈ চৰকাৰৰ সহযোগী বিধায়ক হিচাপে আছিল। কিন্তু ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পুনৰবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে যদিও পৰাজিত হয়।