NORTHEAST NOW (Assamese)

প্ৰাক্তন মুখ্য মন্ত্ৰী ডংকুপাৰ ৰয় মেঘালয় বিধানসভাৰ অধ্যক্ষ নিৰ্বাচিত

March 12, 2018 5:15 pm · এন ই নাও নিউজ

৫৬টা ভোটৰ ভিতৰত ৩৫টা ভোট লাভ কৰি নৱগঠিত মেঘালয় চৰকাৰৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে প্ৰাক্তন মুখ্য মন্ত্ৰী ডংকুপাৰ ৰয়। উল্লেখ্য যে আজি বিধানসভাৰ অধ্যক্ষ পদটোৰ বাবে সদনৰ মজিয়াত অনুষ্ঠিত কৰিছিল নিৰ্বাচন ।

বিধানসভা অধ্যক্ষ পদটোৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত ডংকুপাৰ ৰয়ৰ প্ৰতিদ্বণ্ডি হিচাপে অৱতীৰ্ণ হৈছিল কংগ্ৰেছ বিধায়ক উইনাৰছন দি চাংমা।

আজি অনুষ্ঠিত হোৱা নিৰ্বাচনত চাংমাই লাভ কৰে ২০টা ভোট। তাৎপৰ্যমূলক কথা যে চাংমাই লাভ কৰা আটাইকেইটা ভোট কংগ্ৰেছ দলৰ বিধায়কৰ।

ইফালে নিৰ্বাচনত সাব্যস্ত হোৱা ৫৬টা ভোটৰ এটা ভোট বাতিল হোৱা বুলিও জানিব পৰা গৈছে।

আনহাতে প্ৰথমবাৰৰ বাবে মেঘালয় বিধানসভাৰ অধ্যক্ষ হিচাপে সেৱা আগবঢ়াবলৈ সাজু হৈছে ইউ ডি পি দলৰ মুৰব্বী ডংকুপাৰ ৰয় ।

মন কৰিবলগীয়া যে ইউ ডি পি দলৰ মুৰব্বী ডংকুপাৰ ৰয়ে ২০০৮-০৯ চনত মেঘালয় ডেম’ক্ৰেটিক এলায়েন্সত গঠন হোৱা চৰকাৰৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ইয়াৰোপৰি তেওঁ বিৰোধী দলৰ দলপতি হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰাৰ অভিজ্ঞতা আছে।

উল্লেখণীয় যে নৱনিৰ্বাচিত বিধানসভা অধ্যক্ষ তথা বিধায়ক ৰয় ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ ইউ ডি পিৰ সভাপতি।

Related News