• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকলৈ নতুন নতুন কঠোৰ চৰ্ত চৰকাৰৰ; অতিষ্ঠ হৈছে শিক্ষকসমাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2018 11:35 am
assam-school
417
VIEWS
Share on FacebookShare on Twitter

প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলক লৈ চৰকাৰে যোৱা কিছু বছৰৰ পৰা বিভিন্ন নতুন আৰু কঠোৰ চৰ্ত আৰোপ কৰি আহিছে। চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ লক্ষৰে এইবোৰ কৰি আহিছে যদিও নতুন নতুন চৰ্ত আৰোপে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীক বিৰক্ত কৰি তুলিছে বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ চৰকাৰে এইবাৰ  শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শৈক্ষিক অৰ্হতাক লৈ নতুন চৰ্ত আৰোপ কৰিছে।

নতুন চৰ্ত মতে, অপ্ৰশিক্ষত তথা ডায়েট (District Institute for Education and Training (DIET))ৰ পৰা অনুত্তীৰ্ণ শিক্ষকসকলক অহা মাৰ্চ মাহৰ ভিতৰত ডি এল এড (ডিপ্ল’মা ইন এলিমেণ্ট’ৰী এডুকেইশ্যন)ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।

জানিব পৰামতে, অসম সৰ্বশিক্ষা অভিযানে যোৱা ৫ জুলাইত জিলা প্ৰাথমিক শিক্ষা বিষয়াসকললৈ এই নিৰ্দেশ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্যৰ অপ্ৰশিক্ষিত শিক্ষাসকলক এই ডি এল এড সম্পূৰ্ণ কৰিবলৈ সময়সীমা বান্ধি দিছে শিক্ষা বিভাগে।

ইফালে, উচ্চতৰ মাধ্যমিকত ৫০ শতাংশতকৈ কম নম্বৰ পাই উত্তীৰ্ণ হোৱা শিক্ষক-শিক্ষয়িত্ৰীকো নতুন চৰ্ত দিয়া হৈছে। প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়া এন আই অ’ এছ (নেশ্যনেল ইনষ্টিটিউট অব অ’পেন স্কুলিং)ৰ অধীনত যিকোনো এই বিষয়ত হ’লেও পুনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ  ৫০ শতাংশৰ অধিক নম্বৰ পাই যোগ্যতা প্ৰমাণ কৰিব লাগিব।

জানিব পৰা মতে, কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে কৰ্মৰত ১১ হাজাৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীয়ে ডি এল এড পাঠ্যক্ৰম সম্পন্ন কৰিছে যদিও চাৰি হাজাৰোধিক শিক্ষকে কোনো প্ৰশিক্ষণ গ্ৰহণ কৰা নাই।

নিৰ্ধাৰিত সময়ৰ ভিতৰত এইসকল শিক্ষকে নিৰ্দিষ্ট পাঠ্যক্ৰম সম্পূৰ্ণ নকৰিলে চাকৰি কালত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

এই বিষয়টোত কাৰ্য্য ব্যৱস্থা ল’বলৈ ২০০১ চনৰ ৩ ছেপ্টেম্বৰৰ পাছত নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ নিযুক্তি সম্পৰ্কীয় বিতং তথ্য চৰকাৰে সংশ্লিষ্ট বিভাগবোৰৰ পৰা বিচৰা বুলি জানিব পৰা গৈছে। অহা ২৭ জুলাইৰ ভিতৰত এই তথ্য সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ত জমা দিবলৈ কোৱা হৈছে।

Recent News

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

বিৰোধী ঐক্য বনাম কংগ্ৰেছ-ভাজপাৰ সমদূৰত্ব

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

কিডনীত গঠন হ’ব পাথৰৰ খনি! এই সাতটা সুপৰিচিত খাদ্য বেছিকৈ খালে হ’ব পাৰে বিপদ!

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

৩০ বছৰৰ পাছত কাশ্মীৰ হ্ৰদত ফুলিল পংকজ, আৱেগিক হৈ পৰিল কৃষক

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

লিভ ইন সম্পৰ্কৰ হৃদয়বিদাৰক পৰিণতি! আত্মহনন যুৱকৰ, সংকটজনক অৱস্থাত যুৱতী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd