প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষকসকলক লৈ চৰকাৰে যোৱা কিছু বছৰৰ পৰা বিভিন্ন নতুন আৰু কঠোৰ চৰ্ত আৰোপ কৰি আহিছে। চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ গুণগত মান উন্নত কৰাৰ লক্ষৰে এইবোৰ কৰি আহিছে যদিও নতুন নতুন চৰ্ত আৰোপে প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীক বিৰক্ত কৰি তুলিছে বুলি জানিব পৰা গৈছে।
শেহতীয়াকৈ চৰকাৰে এইবাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ শৈক্ষিক অৰ্হতাক লৈ নতুন চৰ্ত আৰোপ কৰিছে।
নতুন চৰ্ত মতে, অপ্ৰশিক্ষত তথা ডায়েট (District Institute for Education and Training (DIET))ৰ পৰা অনুত্তীৰ্ণ শিক্ষকসকলক অহা মাৰ্চ মাহৰ ভিতৰত ডি এল এড (ডিপ্ল’মা ইন এলিমেণ্ট’ৰী এডুকেইশ্যন)ৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে।
জানিব পৰামতে, অসম সৰ্বশিক্ষা অভিযানে যোৱা ৫ জুলাইত জিলা প্ৰাথমিক শিক্ষা বিষয়াসকললৈ এই নিৰ্দেশ সম্বলিত পত্ৰ প্ৰেৰণ কৰিছে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ নিৰ্দেশৰ ভিত্তিত ৰাজ্যৰ অপ্ৰশিক্ষিত শিক্ষাসকলক এই ডি এল এড সম্পূৰ্ণ কৰিবলৈ সময়সীমা বান্ধি দিছে শিক্ষা বিভাগে।
ইফালে, উচ্চতৰ মাধ্যমিকত ৫০ শতাংশতকৈ কম নম্বৰ পাই উত্তীৰ্ণ হোৱা শিক্ষক-শিক্ষয়িত্ৰীকো নতুন চৰ্ত দিয়া হৈছে। প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়া এন আই অ’ এছ (নেশ্যনেল ইনষ্টিটিউট অব অ’পেন স্কুলিং)ৰ অধীনত যিকোনো এই বিষয়ত হ’লেও পুনৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৫০ শতাংশৰ অধিক নম্বৰ পাই যোগ্যতা প্ৰমাণ কৰিব লাগিব।
জানিব পৰা মতে, কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে কৰ্মৰত ১১ হাজাৰ প্ৰাথমিক শিক্ষক-শিক্ষয়িত্ৰীয়ে ডি এল এড পাঠ্যক্ৰম সম্পন্ন কৰিছে যদিও চাৰি হাজাৰোধিক শিক্ষকে কোনো প্ৰশিক্ষণ গ্ৰহণ কৰা নাই।
নিৰ্ধাৰিত সময়ৰ ভিতৰত এইসকল শিক্ষকে নিৰ্দিষ্ট পাঠ্যক্ৰম সম্পূৰ্ণ নকৰিলে চাকৰি কালত বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব বুলি শিক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।
এই বিষয়টোত কাৰ্য্য ব্যৱস্থা ল’বলৈ ২০০১ চনৰ ৩ ছেপ্টেম্বৰৰ পাছত নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলৰ নিযুক্তি সম্পৰ্কীয় বিতং তথ্য চৰকাৰে সংশ্লিষ্ট বিভাগবোৰৰ পৰা বিচৰা বুলি জানিব পৰা গৈছে। অহা ২৭ জুলাইৰ ভিতৰত এই তথ্য সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ত জমা দিবলৈ কোৱা হৈছে।