NORTHEAST NOW (Assamese)

পৰম্পৰাগত ৰঙ-ৰূপেৰে ৰঙালী বিহু উদযাপনৰ বাবে সাজু হৈ উঠিছে নামৰূপ

March 15, 2018 10:38 am · অক্ষয় প্ৰনব কলিতা

ৰঙালী বিহু উদযাপনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ অতি গুৰুত্বপূৰ্ণ উৎসৱটোৰ বাবে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে সমগ্ৰ অসম।

ৰাজ্যখনৰ আন আন অংশৰ দৰে পূব অসমৰ ডিব্ৰুগড় জিলাৰ ঔদ্যোগিক চহৰ নামৰূপতো এখন পূৰ্ণাংগ কেন্দ্ৰীয় ৰঙালী বিহু সমিতি গঠন কৰা হৈছে।

ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড (বিভিএফচিএল)ৰ কৰ্মচাৰী সংস্থাৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত মঙলবাৰে অনুষ্ঠিত এখন সভাত এইবছৰৰ ৰঙালী বিহু উদযাপনৰ বাবে এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়।

উক্ত সভাখনত সভাপতিত্ব কৰে চহৰখনৰ বিশিষ্ট সামাজিক কৰ্মী সুৰেন গগৈয়ে।

ৰঞ্জিত বৰুৱাক সভাপতি, ধ্ৰুৱ শইকীয়া আৰু কেশৱ সোণোৱালক কাৰ্যকৰী সভাপতি হিচাপে লৈ ৰঙালী বিহু উদযাপন সমিতিখন গঠন কৰা হৈছে। সমিতখনত তিলেশ্বৰ বৰাক সম্পাদক আৰু অৱনী কুমাৰ গগৈক বিত্ত সম্পাদক হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হৈছে।

এইবাৰৰ ৰঙালী বিহু সম্পূৰ্ণ পৰম্পৰাগত ৰঙ-ৰূপেৰে উদযাপন কৰাৰ দিহা কৰিছে আয়োজকসকলে। প্ৰায় এমাহ বাকী থকা অৱস্থাত ৰঙালী বিহুৰ প্ৰস্তুতি চলোৱাৰ জৰিয়তে উৎসৱটি যাতে সুকলমে আৰু সম্পূৰ্ণ অবিকৃত ৰূপত উদযাপন কৰিব পৰা যায় তালৈ বিহু সমিতিয়ে লক্ষ্য ৰাখিছে।

 

Related News