অ-জনজাতিসকলৰ ভূমিৰ অধিকাৰক লৈ বিটিচি প্ৰশাসনে সৃষ্টি কৰা বিতৰ্কৰ এতিয়াও অৱসান ঘটা নাই ৰাজ্যখনৰ বড়ো অধ্যুষিত বিটিএডি অঞ্চলত।
ভূমি অধিকাৰ সংশোধন সম্পৰ্কত অলপতে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি) এ অভিযোগ অনুসৰি গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বুধবাৰে ওদালগুৰিত সদ্য অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)ৰ ওদালগুৰি জিলা সমিতি তথা বিটিচি অঞ্চল সমিতিয়ে এক বিশাল সমাৱেশৰ আয়োজন কৰে।
গোৰ্খা নেতাসকলে অঞ্চলটোত ভূমি অধিকাৰ সম্পৰ্কত গ্ৰহণ কৰা বিতৰ্কিত সিদ্ধান্ত সম্পৰ্কত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ বাবে ৩১ মাৰ্চৰ সময়সীমা বান্ধি দিছে।
ওদালগুৰি জিলা আগছুৰ সভাপতি পূৰ্ণ কিৰাত ৰাইৰ সভাপতিত্বত অনুষ্ঠিত সমাৱেশত অন্যান্যসকলৰ লগতে আগছুৰ বিটিচি অঞ্চল সমিতিৰ সাধাৰণ সম্পাদক ৰোহিত কুমাৰ দাহাল উপস্থিত থাকে।
ৰাইয়ে অভিযোগ কৰে যে ৰাজ্য চৰকাৰ আৰু বিটিচি প্ৰশাসনে গোৰ্খা সম্প্ৰদায়ক বিপথে পৰিচালিত কৰি আহিছিল।
গোৰ্খা নেতাসকলে লগতে কয় যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছিল যদিও বিপিএফৰ নেতাসকলে মন্তৱ্য কৰিছে যে জনজাতীয় বেষ্টনি তথা ব্লকৰ বাহিৰত গোৰ্খাসকলক কোনো সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা দিয়া হোৱা নাই।
এইটোৱে গোৰ্খাসকলৰ মাজত অস্বস্তি আৰু শংকাৰ সৃষ্টি কৰিছে বুলি বক্তাসকলে কয়।
আগছুৰ বিটিচি অঞ্চলৰ সভাপতি জন চৌহানে প্ৰকাশ কৰে যে যদিহে ৩১ মাৰ্চৰ ভিতৰত বিটিচি প্ৰশাসনে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ নকৰে তেতিয়াহ’লে সংগঠনটোৱে তেওঁলোকৰ দাবীৰ সমৰ্থনত এলানি আন্দোলন গঢ়ি তুলিব।
হেজাৰ সংখ্যক গোৰ্খা সম্প্ৰদায়ৰ লোকে সমাৱেশত উপস্থিত থাকি তেওঁলোকৰ নেতাসকলৰ বক্তৱ্যক সমৰ্থন জনায়।