• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিবৰ্তনৰ নামত চৰকাৰে অসমখন ধ্বংস কৰিব বিচাৰিছে : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

মিণ্টু দাস by মিণ্টু দাস
July 15, 2018 11:50 am
নগাঁবত শনিবাৰে সংবাদ মেলত বক্তব্য ৰখাৰ মুহূৰ্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ফটো : ইউ বি

নগাঁবত শনিবাৰে সংবাদ মেলত বক্তব্য ৰখাৰ মুহূৰ্তত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। ফটো : ইউ বি

161
VIEWS
Share on FacebookShare on Twitter

“বিজেপি চৰকাৰে সমস্যা সমাধানৰ পৰিৱৰ্তে সমস্যাৰ সৃষ্টিহে কৰিছে। এন আৰ চিৰ পৰা হাজাৰ হাজাৰ প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ পেলাব বিচাৰিছে। অথচ তেওঁলোকৰ নাম ভোটাৰ তালিকাত আছে।”- এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। শনিবাৰে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এইদৰে মন্তব্য কৰি তৰুণ গগৈয়ে কয় যে এন আৰ চিৰ নামত সমগ্র অসমতে চৰকাৰে এক সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিছে।

ইয়াৰ বাবে দায়ী কোন বুলি প্ৰশ্নৰ অৱতাৰণা কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ হেঁচাত এন আৰ চি কৰ্তৃপক্ষই ভাৰতীয় নাগৰিকৰ নাম বাদ পেলোৱাৰ চেষ্টা অব্যাহত ৰাখিছে। অকল সংখ্যালঘূয়েই নহয়, ভাষিক সংখ্যালঘু নাগৰিকৰ ক্ষেত্ৰতো ইচ্ছাকৃতভাৱে এন আৰ চি কৰ্তৃপক্ষই এই কাৰ্য কৰিছে।

গগৈয়ে কয় যে এই অভিযোগ সৰু সুৰা নহয়, যাৰ বাবে চৰকাৰে নিজেও ভয় খাইছে। ইতিমধ্যে চৰকাৰে অসমত অতিৰিক্তভাৱে ১৫০টা চি আৰ পি এফৰ কোম্পানী আনিব বিচাৰিছে। অসমত আইন-শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটা বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নাৰীজনিত অপৰাধৰ দিনক দিনে বাঢ়িছে, ৰেৱতী ফুকনৰ এতিয়ালৈকে কোনো সন্ধান ওলোৱা নাই, কোকৰাঝাৰত দুৰ্বৃত্তৰ গুলিত নিহত ছাত্র নেতা লাফিকুল ইছলামৰ হত্যাৰ দোষীক চৰকাৰে প্ৰতিশ্ৰুতি দিও কৰায়ত্ত কৰিব নোৱাৰিলে। আচলতে এইবোৰেই চৰকাৰৰ বিফলতাৰ পৰিচয় দিছে।

গগৈয়ে পুনৰ এন আৰ চিৰ প্ৰসংগ টানি আনি কয়, ‘’২০১৪ আৰু ২০১৬ চনৰ ভোটাৰ তালিকা অনুসৰি এন আৰ চিৰ কাম কৰিব লাগে।‘’ ভোটাৰ তালিকাক চৰকাৰে গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰি গগৈয়ে কয় যে যিহেতু নিৰ্বাচন আয়োগে প্ৰস্তুত কৰি দিয়া ভোটাৰ তালিকা মতে এম এল এ আৰু এম পি হৈছে। সেয়ে সেই ভোটাৰসকলে নিৰ্বাচন কৰি দিয়া এখন চৰকাৰে কেনেকৈ এন আৰ চিৰ পৰা ভাৰতীয় নাগৰিকৰ নাম বাদ পেলাব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে‌।

কোনো ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত বাদ পৰিলে কংগ্ৰেছে ৰাজনৈতিক আৰু আইনগতভাবে শেষ মুহূৰ্তলৈকে যুঁজি যাব বুলি উল্লেখ কৰি তেওঁ কয়, ‘’এই প্ৰক্ৰিয়া আজি নগাঁৱৰ পৰা আৰম্ভ হৈছে আৰু ৰাজ্যজুৰি অব্যাহত থাকিব।‘’

অসমত বিজেপি চৰকাৰ অহাৰ ক্ষেত্ৰত এ আই ইউ ডি এফ দল দায়ী বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে এই দলটোয়ে পূৰ্বৰে পৰা ডাবল গেম খেলিছে। আজমলে সহায় নকৰা হ’লে সৰ্বানন্দ মুখ্যমন্ত্ৰী আৰু হিমন্ত মন্ত্ৰী হ’ব নোৱাৰিলেহেঁতেন।

উন্নয়নৰ ক্ষেত্ৰত চূড়ান্তভাৱে বিজেপি চৰকাৰ ব্যৰ্থ হোৱা বুলি উল্লেখ কৰি তৰুণ গগৈয়ে কয় যে ইতিমধ্যে জাগীৰোডৰ কাগজ কল বন্ধ হৈছে, ৰাস্তা ঘাটৰ উন্নয়নো কৰিব পৰা নাই। আনকি কংগ্ৰেছৰ দিনত বনাই থোৱা ৰাস্তা কেইটা মেৰামতি কৰিবলৈ সমৰ্থ হোৱা নাই বুলি তীব্ৰ সমালোচনা কৰি গগৈয়ে লগতে কয় যে এইখন চৰকাৰে কেৱল আধাৰশিলাতে উন্নয়ন সীমিত ৰাখিছে।

‘’মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজৰ সমষ্টি মাজুলীতে উন্নয়ন মন্থৰ গতিত চলিছে। এই সন্দৰ্ভত দুবছৰ পাৰ হৈ যোৱাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে খবৰ পোৱা নাই। এতিয়াহে তেওঁৰ সমষ্টিৰ কাম ক্ষীপ্ৰতৰ কৰিবলৈ বিষয়া-বৰ্গক নিৰ্দেশ দিছে। মাজুলীৰ উন্নয়নৰ ছবিয়ে অসমৰ উন্নয়ন কিমান হৈছে, তাক প্ৰমাণ কৰিছে,’’- গগৈয়ে কটাক্ষ কৰে।

ইপিনে, প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমক আটাইতকৈ বেছিকৈ মাহী আইৰ চকুৰে চোৱা চৰকাৰখন হৈছে কেন্দ্ৰীয় বিজেপি চৰকাৰ। কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰ দুখনক বিশ্বাসঘাতক আৰু প্ৰৱঞ্চক আখ্যা দি তৰুণ গগৈয়ে আৰু কয় যে জাতি-মাটি-ভেটিৰ শ্ল’গান দিয়া চৰকাৰখনৰ দিনত ৰাজ্যখনৰ উন্নয়ন স্থৱিৰ হৈ পৰিছে।

কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ কয় যে পৰিবৰ্তন আমি আনিছোঁ। তেওঁলোকে শ্ল’গানহে দিছে। আমাৰ চৰকাৰৰ দিনৰ আঁচনিসমুহ সলনি কৰি তেওঁলোকে বাহ বাহ লৈ আছে। বিজ্ঞাপনৰ ওপৰতহে এইখন চৰকাৰ চলিছে বুলি গুৰুতৰ অভিযোগ কৰি গগৈয়ে কয় যে বিজেপিয়ে পৰিবৰ্তনৰ নামত অসমখন ধ্বংসৰ মুখলৈ ঠেলিছে।

আনহাতে, এথলেটিকচ ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অফিচিয়েল টুইটত হিমা দাসে ইংৰাজী কোৱাত দুৰ্বল বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে  ই অতি নিন্দনীয় বুলি কয়। ভাষা নজনাটো কোনো ডাঙৰ কথা হ’ব নোৱাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে বহু দেশৰ প্ৰধানমন্ত্ৰীয়ে ভালকৈ ইংৰাজী নাজানে। গগৈয়ে হিমা দাসৰ বিৰল কৃতিত্বক লৈ অতি আনন্দিত বুলি উল্লেখ কৰি গগৈয়ে কয় যে হিমা অকল নগাঁও আৰু অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰে গৌৰৱ।

সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা বিষ্ণু প্ৰসাদ, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস, জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, কংগ্ৰেছ নেত্ৰী শিৱামনি বৰা, কংগ্ৰেছ নেতা সুৰেশ বৰা, দ্বীপ দাস, বিন্দু গঞ্জু, শচী দাস আদি নেতা উপস্থিত থাকে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd