পৰিয়ালৰ কোনো নথকাৰ সুযোগতে কলিয়াবৰৰ বৰালিগাঁৱত চোৰে চলালে লুটপাত

IMG_20180607_211851

কলিয়াবৰ মহকুমাৰ অন্তৰ্গত তথা মিছা আৰক্ষী চকীৰ অন্তৰ্গত বৰালিগাঁও নিবাসী কৃষ্ণ বৰাৰ ঘৰত ৭ জুনৰ সন্ধিয়া ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ এটা দলে লুটপাত চলায় সোণৰ কানফুলি, খাৰু, আঙুঠিকে ধৰি নগদ ২০ হেজাৰ টকা লৈ যায়।

আনুমানিক তিনি চাৰি জনীয়া এটা চোৰৰ দলে খিৰিকীৰ লোহা ভাঙি ঘৰত প্ৰৱেশ কৰি লুটপাত চলায় বহু টকাৰ সম্পত্তি লৈ যায় বুলি বৰাৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।

আনহাতে স্থানীয় ৰাইজে এইয়া পৰিকল্পীত চুৰিকাণ্ড বুলি বিবেচনা কৰিছে। কিয়নো আজি কিছুদিন আগতে বৰালি গাওঁৰে দেবজানি বৰা নামৰ এঘৰতো কোনো নথকাৰ সুযোগতে দিন দুপৰতে চোৰে সকলো সা সম্পত্তি চোৰ কৰি উধাও হৈছিল।

মাত্ৰ কেইদিনমানৰ ভিতৰতে এনেদৰে দুটাকৈ চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই নিসন্দেহে স্থানীয় লোকৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

আনহাতে উক্ত ঘটনাটোৰ বিষয়ে মিছা আৰক্ষী অৱগত হোৱাত আৰক্ষীৰ এটা দল আহি সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি এখন এজাহাৰ দাখিল কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। কিন্তু লক্ষ্যণীয় যে দেৱজানি বৰাৰ ঘৰত হৈ যোৱা চুৰি কাণ্ডৰ লগত জড়িত চোৰ আজিকোপতি ধৰা নপৰিল। এতিয়া আন এটা চুৰিকাণ্ড সংঘটিত হোৱা কাৰ্যত নিশ্চিতভাৱে অঞ্চলটোত আৰক্ষীৰ নিৰ্লিপ্ততাৰ ছবিকে উদঙাইছে।