পৰেশ বৰুৱা হয় শান্তি আলোচনালৈ আহক নতুবা আত্মহত্যা কৰক : অভিজিৎ শৰ্মা

সাংবাদিকৰ সৈতে মত বিনিময় কৰা অভিজিৎ শৰ্মা।

“পৰেশ বৰুৱা হয় শান্তি আলোচনালৈ আহক নতুবা আত্মহত্যা কৰক। তেওঁৰ হাতত এতিয়া অন্য উপায় নাই। বহু অসমীয়া তেজাল ডেকাৰ তেজ খালে পৰেশ বৰুৱাই। বহু সংখ্যক অসমীয়াৰ তেজখোৱা পৰেশ বৰুৱাৰ জীৱনত কেতিয়াও শান্তি নহয়।” এইদৰে আজি মন্তব্য কৰিছে অসম পাব্লিক ৱৰ্কছ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মাই।

শনিবাৰে দিচপুৰ প্ৰেছ ক্লাবত এটা মুখামুখি অনুষ্ঠান আয়োজন কৰি শৰ্মাই সাংবাদিকৰ আগত এই মন্তৱ্য কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে পৰেশ বৰুৱাক তেওঁ gone case বুলি ইতিকিং কৰে। তেওঁ লগতে কয় “তেওঁ বৃদ্ধ হৈছে আৰু কাম নোহোৱা হৈছে। লগতে তেওঁ বৰ্তমান এটা ভেকুৱামত যুঁজি আছে।”

তাৎপৰ্য্যপূৰ্ণভাৱে ৰেৱতী ফুকনৰ নিৰুদ্দেশ হোৱা ঘটনাৰ সৈতে পৰেশ বৰুৱাৰ ১০০ শতাংশই হাত থকা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে তেওঁ কয় “যিটো শান্তি প্ৰক্ৰিয়া চলি আছে, সেইটোক সকলো পক্ষই আদৰণি জনাই উঠি-পৰি লাগি আছে। পৰেশ বৰুৱাই এই শান্তি আলোচনাৰ এনেকুৱা অপশক্তিবিলাকক আৰক্ষীয়ে কৰায়ত্ত কৰিব লাগে।”

ইয়াৰোপৰি তেওঁ আলফাৰ লগতে অন্যান্য উগ্ৰপন্থী সংগঠনসমূহৰ হত্যাকাণ্ড বন্ধ কৰাৰ উদ্দেশ্যে ২০০০ চনৰ ২৪ নৱেম্বৰত এ পি ডব্লিউ নামৰ সংগঠনটোৰ জন্ম হোৱা বুলি সদৰী কৰে।

তেওঁ লগতে কয়, “সেইসময়ত আমি আলফাই চলোৱা কু-কৰ্মবিলাক জনসাধাৰণৰ মাজত প্ৰচাৰ চলাইছিলো। স্বাধীন অসমৰ সন্দৰ্ভত গণভোট কৰিছিলো, ধুবুৰীৰ পৰা লখিমপুৰলৈ। ২৬ লাখ মানুহে গণভোট কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিছিল যদিও ৪ শতাংশ লোকেহে স্বাধীন অসমৰ দাবীত ভোটদান কৰিছিল। এইটোৱেই আছিল আলফাৰ মোক্ষমম আঘাত।”

‘আলফাৰ দালালবিলাকৰ পৰা বহুতো উপাধি পোৱা বুলি’ সদৰী কৰাৰ লগতে শৰ্মাই কয়, “খগেন শৰ্মাৰ এজেণ্ট হিচাপে প্ৰথম উপাধিটো আলফাই মোক দিছিল। তাৰ পিছত মোক আৰ এছ এছৰ এজেণ্ট আৰু নীলা শিয়াল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ জাৰজ সন্তান বুলিও উপাধি পাইছিলো।”

উল্লেখযোগ্য যে এজন মানুহৰ সংগঠন বুলি জনাজাত ‘অসম পাব্লিক ৱৰ্কছ’ নামৰ সংগঠনটোৰ সভাপতি অভিজিৎ শৰ্মা প্ৰায়ে সৰৱ হৈ আহিছে পৰেশ বৰুৱাৰ বিৰুদ্ধে। মূলতঃ তেওঁ পৰেশ বৰুৱাৰ বিৰোধিতা কৰিয়েই নিজৰ সংগঠনটোক সংবাদ মাধ্যমত জীয়াই ৰাখিছে।