ফায়াৰিং ৰেঞ্জৰ নামত এছ এছ বিৰ ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে সোণাপুৰত প্ৰতিবাদ

আমৰি -কাৰ্বি

সোণাপুৰ ৰাজহচক্ৰৰ অধীনৰ বান্দৰগোগত  কেইবাশ বিঘা ভূমি এছ এছ বিৰ ফায়াৰিং ৰেঞ্জৰ বাবে ভূমি অধিগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱাত জাঙুৰ খাই উঠিছে ৰাইজ।

বান্দৰগোগত এছ এছ বিৰ ভূমি অধিগ্ৰহণ বন্ধ কৰা, ডিমৰীয়াৰ জনজাতি আৱেষ্টনী সাংবিধানিক সুৰক্ষা প্ৰদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত বুধবাৰে শ শ আমৰি কাৰবি জনগোষ্ঠীৰ পুৰুষ-মহিলাই সোণাপুৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আমৰি কাৰবি জাতীয় পৰিষদ, আমৰি কাৰবি ছাত্ৰ সন্থা, আমৰি কাৰবি বাংঠে আচেম, আমৰি কাৰবি আৰ্লচ আচেম, আমৰি কাৰবি ৰূপচ্যাক আচেম, আমৰি কাৰবি চৰণাম আৰ্হচি আচেমৰ আহ্বানত আমৰি কাৰবি জনগোষ্ঠীৰ কেইবাশ পুৰুষ-মহিলাই প্ৰথমে বালি গেটত সমৱেত হয়।

দল-সংগঠনসমূহৰ কৰ্মীসকলে বালি গেটৰ পৰা এক দীঘলীয়া প্ৰতিবাদী সমদল উলিযায়। প্ৰতিবাদকাৰীসকলে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ সোণাপুৰ নতুন বজাৰেৰে চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখভাগত উপস্থিত হৈ বিক্ষোভ প্ৰদৰ্শন কৰে।

প্ৰতিবাদীকাৰী ৰাইজে কোনো পৰিস্থিতিতে ডিমৰীয়াৰ কোনো ভূমি অধিগ্ৰহণ কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰে। চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী সভাত আমৰি কাৰবি ছাত্ৰ-সন্থাৰ কুমুদ তুমুং, ৰমেন কাঠাৰ, আমৰি কাৰবি জাতীয় পৰিষদৰ সভাপতি পদুম ইংতি, আমৰি কাৰবি উন্নয়ন পৰিষদৰ অধ্যক্ষ ইন্দ্ৰেশ্বৰ টেৰণে ভাষণ প্ৰদান কৰে।

প্ৰতিবাদী সভাৰ পিছতে সংগঠনকেইটাৰ প্ৰতিনিধিয়ে চক্ৰ বিষয়া জেনিফাৰ য়াচমিন চৌধুৰীৰ হাতত ভূমি অধিগ্ৰহণ বন্ধ কৰাৰ দাবী সন্দৰ্ভত এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

আনহাতে, চক্ৰ বিষয়াগৰাকীয়ে বান্দৰগোগৰ উক্ত ভূমি পৰিদৰ্শন কৰা হৈছিল যদিও সেই ভূমি অধিগ্ৰহণ কৰা নহয় আৰু তাত ফায়াৰিং ৰেঞ্জ স্থাপন নহয় বুলি প্ৰতিবাদকাৰীসকলক অৱগত কৰে।