ফুটবলৰ প্ৰশিক্ষণ লোৱাৰ বাবে অহা দেওবাৰে ফুটবলৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈ পৰশ বড়োৱে বেংককলৈ যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে।গোৱালপাৰা জিলাৰ দুধনৈৰ পৰশ বড়ো নামৰ মাথোঁ ১৪ বছৰ বয়সীয়া ফুটবল খেলা কিশোৰজনক থাইলেণ্ডৰ এটা আগশাৰীৰ ফুটবল ক্লাবে ফুটবলৰ উন্নত পৰ্যায়ৰ প্ৰশিক্ষণ লোৱাৰ বাবে বেংককলৈ নিমন্ত্ৰণ কৰিছিল।
পূৰ্বে বেংকক ব্ৰেভো ফুটবল ক্লাব হিচাপে বিখ্যাত থাইলেণ্ডৰ বেংকক ফুটবল ক্লাবে পৰশ বড়োলৈ এই সুযোগ আগবঢ়াইছে। ‘ইলাইট প্লেয়াৰ্ছ ফুটবল ডেভেলপমেণ্ট কোচিং কেম্প’ নামেৰে বেংককৰ নোথাবুৰিৰ পাক ক্ৰেটত অৱস্থিত মাৰৱিন ষ্টেডিয়ামত মে’ মাহৰ ২৫ তাৰিখৰ পৰা আগষ্টৰ ২৮ তাৰিখলৈকে অনুষ্ঠিত হ’বলগীয়া আধুনিক ফুটবলৰ প্ৰশিক্ষণ কাৰ্যসূচীত তেওঁক উন্নত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ক্লাবৰ প্ৰশিক্ষক জাকাৰাট টোনহোংছাই পৰশৰ ফুটবলৰ কৌশল প্ৰত্যক্ষ কৰি তেওঁক পৰৱৰ্তী পৰ্যায়লৈকে আগবঢ়াই লৈ যাব।
উললএখ্য যে ২০১৭ চনত নতুন দিল্লীৰ এটা কোচিং চেণ্টাৰত বেংকক ফুটবল ক্লাবৰ বিষয়ববীয়াসকলে পৰশৰ ফুটবলৰ কৌশলসমূহ প্ৰত্যক্ষ কৰিছিল। কিন্তু দুখীয়া পৰিয়ালৰ সন্তান পৰশৰ বাবে এই সপোন পূৰণ কৰাৰ বাবে প্ৰয়োজনীয় ধনৰাশি নাছিল।
অলপতে, পৰশে শিক্ষা গ্ৰহণ কৰা দুধনৈৰ ছেণ্ট পিটাৰ্ছ নেশ্যনেল একাডেমীয়ে তেওঁৰ সহায়ৰ বাবে আগবাঢ়ি আহে। বিদ্যালয়খনৰ অধ্যক্ষ ছাইন কে জেই পৰশক সহায় কৰিবলৈ পাই ভাল লাগিছে বুলি প্ৰকাশ কৰিছে। আন এগৰাকী দাতা প্ৰবীণ ফটো সাংবাদিক ভীষ্ম থাপাই চৰকাৰ আৰু জিলা প্ৰশাসনলৈ আবেদন জনাইছে যাতে পৰশক আৰ্থিক সহায়তা আগবঢ়ায়।নিজৰ সপোনৰ বাটত থকা ধনৰ অভাৱৰ বাধা আঁতৰি যোৱাৰ পাচত পৰশ আনন্দিত হৈ পৰিছে। পৰশে কয় যে তেওঁ ফুটবলৰ নতুন কৌশল শিকাৰ বাবে তেওঁ অত্যন্ত আগ্ৰহী। তেওঁৰ এই সপোন পূৰণ হোৱাটো এটা অসম্ভৱ সপোন পূৰণ হোৱা যেন লাগিছে বুলি পৰশে প্ৰকাশ কৰিছে। তেওঁ আৰু জানিবলৈ দিছে যে ভালেকেইগৰাকী কিংবদন্তি ফুটবলাৰে পৰিধান কৰা ১০ নম্বৰ জাৰ্ছিটো তেওঁক পিন্ধিবলৈ দিছে বেংকক ফুটবল ক্লাবে।