ফেব্ৰুৱাৰি ২তাৰিখৰ পৰা আৰম্ভ হ’ব মণিপুৰ ৰাজ্যিক ঘোৰাচালনা প্ৰতিযোগিতা

ফেব্ৰুৱাৰিৰ ২তাৰিখৰ পৰা ৬ তাৰিখলৈ মণিপুৰৰ ইম্ফলস্থিত বিশ্বৰ আটাইতকৈ পুৰণি পল’খেলপথাৰত অনুষ্ঠিত হ’ব ১৫সংখ্যক ৰাজ্যিক ঘোৰাচালনা প্ৰতিযোগিতা। প্ৰতিযোগিতাখন মণিপুৰ ঘোৰাচালনা সংস্থাই আসাম ৰাইফলছৰ মহা পৰিদৰ্শকৰ সহযোগত আয়োজন কৰি আহিছে। এই প্ৰতিযোগিতাখনত মুলত: শ্ব’ জামপিং আৰু টেণ্ট পেগিং খেলৰ আয়োজন কৰা হয়।

প্ৰতিযোগিতাখনত ভাগ ল’ব বিছৰা একক তথা দল সমূহক চলিত মাহৰে ২৫ তাৰিখৰ আগত লেমফেলপাটত অৱস্থিত থলুৱা ঘোৰা প্ৰজনন ফাৰ্মৰ অফিচত নিজৰ নিজৰ তথ্য সমূহ জমা দিবলৈ মণিপুৰ ঘোৰাচালনা সন্থাৰ সম্পাদক ড০ কে গোপাল সিঙে বুধবাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আহ্বান জনায়।

উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনৰে যোৱাবাৰৰ সংস্কৰণত মণিপুৰৰ জুনিয়ৰ ছিংখেইহুনবা পল’ ক্লাৱ আৰু ছিনয়ৰ ছিংখেইহুনবা পল’ ক্লাৱে দলীয় শাখাত টেণ্ট পেগিং আৰু শ্ব’ ছিনিয়ৰ জামপিঙৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

আনহাতে উক্ত সংস্কৰণতে প্ৰতিযোগিতাখনৰ একক শাখাৰ টেণ্ট পেগিং, শ্ব’ জামপিং আৰু ওমেন শ্ব’ জামপিঙত ছিংখেইহুনবা পল’ ক্লাৱৰে খেলুৱৈ ৱাই চুৰজ সিঙ, জেমচ সিঙ আৰু কাওবা সিঙে শ্ৰেষ্ঠ ৰাইডাৰৰ খিতাপ আজুৰি আনিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে মণিপুৰ ঘোৰাচালনা সংস্থাই আসাম ৰাইফলছৰ মহা পৰিদৰ্শকৰ সহযোগত প্ৰত্যেক বছৰে আয়োজন কৰি অহা এই প্ৰতিযোগিতাখনত আগশাৰীৰ বহুতো বিষয়াৰ লগতে পল’ প্ৰেমী দৰ্শকসকলে অংশগ্ৰহণ কৰে।