বঙাইগাঁও জিলাৰ মাণিকপুৰত ১০ লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ

ট্ৰাক

বঙাইগাঁও জিলাৰ মাণিকপুৰত আৰক্ষীয়ে চলোৱা এক তালাচী অভিযানত এখন চোৰাং কাঠ ভৰ্তি ১০ চকীয়া ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে ট্ৰাক খন কোকৰাঝাৰৰ পৰা বৰপেটা অভিমুখে গৈ আছিল। এছ ১৯ এ ৫৭৯৫ নম্বৰৰ জব্দ কৰা ট্ৰাকখনত কাঠৰ কুণ্ডাৰ পৰিৱৰ্তে আছিল মূল্যবান শাল, গমাৰী তিতাচাপ, শিশু কাঠৰ ফাণ্ডকে ধৰি প্ৰায় ১০ লক্ষাধিক টকা মূল্যৰ কাঠ। দীৰ্ঘদিন ধৰি চোৰাং বেপাৰীয়ে আৰক্ষী আৰু বনবিভাগৰ চকুত ধুলি দি এইদৰে ব্যৱসায় চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল।

আনহাতে অভিযানকালত আৰক্ষীয়ে ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰে যদিও ট্ৰাকখমৰ হেণ্ডিমেনজন পলাই সাৰিবলৈ সক্ষম হয়।  ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখন বন বিভাগক গটাই দিয়ে।

উল্লেখযোগ্য যে এফালে ৰাজ্যখনত বন বিভাগে বনাঞ্চল তথা বন্যপ্ৰাণী সংৰক্ষণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে আনফালে এচাম দুষ্ট চক্ৰই বন বিভাগৰ চকুত ধুলি মাৰি বনাঞ্চল ধ্বংস যজ্ঞ চলাই আছে। ফলত বনাঞ্চলপ্ৰেমী ৰাইজে সংশ্লিষ্ট কৰ্তৃপক্ষক উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ অহ্বান জনাইছে।