কেন্দ্ৰীয় চৰকাৰে এটা পদক্ষেপত অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সংৰক্ষণৰ সুবিধা লোৱাত বাধাৰ ক্ষেত্ৰত বছৰেকীয়া আয়ৰ ঊৰ্ধ্বসীমা বৃদ্ধি কৰিছে। এই কথা অলপতে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা এক অফিচ মেম’ৰেণ্ডামত প্ৰকাশ। উল্লেখযোগ্য যে বছৰেকীয়া আয়ৰ সীমাৰ ভিত্তিত অন্যান্য পিছপৰা শ্ৰেণীৰ মাজতে ক্ৰীমি লেয়াৰ (creamy layer) বুলি জ্ঞাত এটা শ্ৰেণী আছে। এই শ্ৰেণীত পৰাসকলে অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে থকা সুবিধাবোৰ গ্ৰহণ কৰিব নোৱাৰে। এই ঘোষণাটোৰ পূৰ্বে এই শ্ৰেণীৰ ভিতৰুৱা হয় নে নহয় সেইটো নিৰ্ধাৰণ কৰাৰ আয় সীমা আছিল ৬ লাখ টকা। অৰ্থাৎ ৬ লাখ বা তাৰ অধিক টকাৰ বছৰি আয় থকা পৰিয়ালৰ সন্তানে এই সুবিধাবোৰ গ্ৰহণ কৰাত বাধা আছিল। এতিয়া এই সীমা বৃদ্ধি কৰি ৮ লাখ টকা কৰা হ’ল। এই অফিচ মেম’ৰেণ্ডামৰ ভিত্তিত অসমতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অৰ্থাৎ এই সীমাৰ ভিতৰত পৰা লোকসকলকহে বাছনি কৰি প্ৰকৃতাৰ্থত অসচ্ছল লোকসকলেহে যাতে সংৰক্ষণ ব্যৱস্থাটোৰ সুফল লাভ কৰে সেইমতে ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে। আয়সীমা চাইহে সংৰক্ষণৰ সুবিধা ল’ব পৰা প্ৰমাণপত্ৰ দিয়া হয় তালৈ লক্ষ কৰিবলৈ কয়। কোৱা প্ৰয়োজন, অসমত মুঠ ৩১ টা বৰ্গ অন্যান্য পিছপৰা শ্ৰেণীত পৰে আৰু এইসকলৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ সুবিধা আছে। কিন্তু কথাটো হ’ল অন্যান্য পিছপৰা শ্ৰেণী হোৱা মানেই এই সুবিধা সকলোৱে ল’ব নোৱাৰে। প্ৰকৃততে এই শ্ৰেণীটোৰ অৰ্থনৈতিকভাৱে অসচ্ছল সকলৰ বাবেহে এই সংৰক্ষণৰ সুবিধাটো আছে। অৰ্থনৈতিকভাৱে অসচ্ছলতাৰ নিৰ্ণায়ক হ’ল পৰিয়ালৰ আয়সীমা। জনমূৰি আয় বৃদ্ধিৰ সমান্তৰালকৈ এই আয়সীমাৰ মাজে মাজে সংশোধন কৰি অহা হৈছে। ১৯৯৩ চনত এই সীমা আছিল ১ লাখ টকা। ২০০৪ চনত ইয়াক ২.৫ লাখ টকালৈ আৰু ২০০৮ চনত ৪.৫ লাখ টকালৈ আৰু ২০১৩ চনত এই সীমা ৬ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ’ল প্ৰকৃত অসচ্চলসকলতকৈ সচ্চলসকলে বেঁকা পথেৰে বা অন্যায় কৌশলেৰে এই সুবিধাবোৰ হস্তগত কৰি আহিছে। যাৰ ফলত ভুক্তভুগী হৈছে প্ৰকৃত পিছপৰাসকল।