বটদ্ৰবাত দুৰ্নীতি নিবাৰক শাখাৰ তদন্ত : বিদ্যালয়ৰ দ্ৰয়াৰত উদ্ধাৰ হ’ল ৫০০খন চাউলৰ ৰেশ্যন কাৰ্ড

বটদ্ৰবা

বটদ্ৰবাত বুধবাৰে সমাবায়ৰ এজেন্টসকলে অনুষ্ঠিত কৰা সংবাদমেলৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতিত বিগত প্ৰায় ১৮ টা বছৰ কংগ্ৰেছে দখল কৰি থকাৰ লগতে উক্ত সময় ছোৱাত  চাউল, আটা ইত্যাদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ বিষয়ে পূৰ্বতে বিভিন্ন সময়ত বাতৰিৰ শিৰোনামা দখল কৰি অহাৰ পিছত  সমবায়ত সংঘটিত দুৰ্নীতি-অনিয়মৰ তদন্তৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

এই তদন্তত  ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনস্থ খাদ্য-সুৰক্ষা আঁচনিৰ চাউল আৰু আটা গ্ৰাহকক বিতৰণ কৰাৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহে। এই তদন্তৰ আওতালৈ অহা সমবায় সমিতিৰ সভাপতি-সম্পাদকক নিৰ্দোষী বুলি প্ৰতিপন্ন কৰিবলৈ গৈ ইতিমধ্যে ছয়জন সুলভ মূল্যৰ দোকানীক যোৱা ১৬ জুলাইত মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে গ্ৰেপ্তাৰ কৰি নিয়ে।

বটদ্ৰবা সত্ৰ সমবায়ৰ অন্তৰ্গত কেইবাখনো সুলভ মূল্যৰ দোকানত এনে অনিয়ম সংঘটিত হোৱা বুলি অংশীদাৰী ৰাইজে এক লিখিত অভিযোগ দাখিল কৰাৰ পিছত ঘটনাই নতুন মোৰ লাভ কৰে  আৰু আজি পুৱাৰ ভাগত এখন চৰকাৰী বিদ্যালয়ত ৫০০ শতাধিক ৰেশ্যন কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই দুৰ্নীতি-অনিয়মৰ বাস্তৱ ছবিখন উজলাই তোলে।

বিগত ১৭ বছৰে পৰিয়ালকেন্দ্ৰিকভাৱে দখলত ৰখা সময়ছোৱাত সংঘটিত দুৰ্নীতি, অনিয়ম আৰু একনায়কত্ববাদী শাসন শোষণৰ বিৰুদ্ধে যোৱাকালি বটদ্ৰৱাৰ সত্ৰ সমবায় সমিতিৰ অন্তৰ্গত ৩৮ গৰাকী সুলভ মূল্যৰ দোকানীয়ে এক সংবাদ মেল অনুষ্ঠিত কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।

কালি সমবায়ৰ এজেন্ট সকলে সংবাদ মেল অনুষ্ঠিত কৰাৰ পিছত আজি ৫০০খন ৰেশ্যন কাৰ্ড উদ্ধাৰ হোৱাৰ  তথ্যই অঞ্চলটোত দুৰ্নীতি বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ৭৩০ নং হাইডুবি এম.ই. মাদ্ৰাছাৰ টেবুলৰ দ্ৰয়াৰত গোপনে লুকুৱাই ৰখা অৱস্থাত ৫০০ শতাধিক ৰেশ্যন কাৰ্ড বিদ্যালয়খনৰে এগৰাকী শিক্ষকে উদ্ধাৰ কৰি স্থানীয় ৰাইজক খবৰ দিয়ে। ৰাইজৰ সহযোগত আৰক্ষীয়ে ৰেচন কাৰ্ড সমূহ জব্দ কৰি থানালৈ আনে।

উল্লেখ্য যে, কালি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বটদ্ৰবা সমবায়ত লুন্ঠন ৰাজ চলোৱা চাৰিগৰাকী মূল অভিযুক্ত ক্ৰমে প্ৰাক্তন সভাপতি ছোৰহাব উদ্দিন, এ.কে ছামচুল আলম (আবল), প্ৰাক্তন সম্পাদক মোক্তাৰ হুছেইন আৰু বৰ্তমানেও কাৰ্যনিৰ্বাহ কৰা সম্পাদক আজিবুৰ ৰহমানক গুৱাহাটীত সোধ-পোছ কৰাৰ পিছত আজি পুনৰাই এখন বিদ্যালয়ৰ পৰা ৰেশ্যন কাৰ্ড উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত বিৰাজ কৰিছে ব্যাপক প্ৰতিক্ৰিয়া।

এনে প্ৰেক্ষাপটত দুৰ্নীতিপৰায়ন সমবায় সমিতিৰ বিষয়ববীয়াসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী জনোৱাৰ লগতে প্ৰয়াত শৰৎ সিংহই আৰম্ভ কৰা সমবায় আন্দোলনৰ বাস্তৱতাক ৰাইজৰ কাষ চপাই নিয়াৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছে।