NORTHEAST NOW (Assamese)

বটদ্ৰবাৰ চহৰীয়া গাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড; নলে লগা বন্ধুৱে হত্যা কৰাৰ অভিযোগ

July 21, 2018 10:33 pm · মিণ্টু দাস

নগাঁও জিলাৰ আহোম গাঁও আৰক্ষী চকীৰ অন্তৰ্গত বটদ্ৰৱাৰ সমষ্টিৰ চহৰীয়া গাঁৱত আজি বিয়লি এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনিৰ হুছেইন মাৰ্কেটৰ ইমৰান হুছেইনক আজি পুৱাই নুৰ উদ্দিন আৰু বাবুল নামৰ দুজন নলে-গলে লগা বন্ধুৱে ঘৰৰ পৰা মাতি আনিছিল। কিন্তু ৰহস্যজনকভাৱে সন্ধিয়া ইমৰানৰ মৃতদেহ উদ্ধাৰ হয়।

আনহাতে মৃতদেহত আঘাতৰ স্পষ্ট চিন থকালৈ চাই ইমৰানক লগৰ দুই বন্ধুৱে হত্যা কৰা বুলি ইমৰানৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে।

অৱশ্যে কি কাৰণে ইমৰানক হত্যা কৰা হ’ল সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্ততহে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

আনহাতে স্থানীয় একাংশ ৰাইজে নিচা জাতীয় দ্ৰব্য সেৱনক কেন্দ্ৰ কৰিয়েই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে ধিং আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত চলোৱাৰ লগতে পৰিয়ালৰ উত্থাপন কৰা অভিযোগ অনুসৰি দুই বন্ধুক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

Related News