বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই ধনীয়াভেটিৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল সহ আব্দুল কাদিৰ নামৰ এটা কুখ্যাত অপৰাধীক যোৱা নিশা গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোৰ সংখ্যালঘু বসতি প্ৰধান ঠাই সমূহৰ সাধাৰণ ৰাইজক ভীতিগ্ৰস্ত কৰি তুলিছে।
যোৱা সপ্তাহত টুকটুকীত দুটা ফৈদৰ মাজত গুলিয়াগুলিৰ ঘটনা সংঘটিত হোৱাৰ পিছত আজি পুনৰ ধনীয়াভেটিত অবৈধভাবে মজুত কৰি ৰখা পিষ্টল উদ্ধাৰ হোৱা কথাই অঞ্চলটোৰ জনজীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।
গোপন সূত্ৰৰ পম খেদি বটদ্ৰবা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন গগৈৰ নেতৃত্বত নিশাৰ ভাগত চলোৱা এক অভিযানত অবৈধ অস্ত্ৰ মজুত ৰখা আব্দুল কাদিৰক আটক কৰিবলৈ সক্ষম হয়। যি সময়ত সমগ্ৰ ৰাজ্য জুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিষয়ে ৰাজ্যবাসী জনমত গঠনৰ কামত ব্যস্ত আছে সেই সময়তে নগাঁও জিলাৰ সংখ্যালঘু বসতি প্ৰধান ঠাই সমূহত এচাম লোকে অবৈধ অস্ত্ৰ সংগ্ৰহ কৰি ৰখা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
সম্প্ৰতি অবৈধ মাৰণাস্ত্ৰৰ ঘাটিত পৰিণত হৈছে নগাওঁ জিলাৰ পশ্চিমাঞ্চল। জিলাখনৰ ধিং, জুৰীয়া, বটদ্ৰৱা, ডুমডুমীয়া আৰু বৃহত্তৰ টুকটুকী অঞ্চলকে ধৰি বিভিন্ন চৰাঞ্চলত বহু অপৰাধীৰ হাতত এতিয়া সুলভ হৈ পৰিছে অবৈধ মাৰণাস্ত্ৰ। এই অবৈধ মাৰণাস্ত্ৰৰ নিয়ন্ত্ৰনহীন অনুশীলনৰ ফলত মৃত্যু হৈছে বহু নিৰপৰাধী তথা সাধাৰণ লোকৰ। অলপতে ডুমডুমীয়াত অপৰাধীৰ গুলীত এজন আৰক্ষীৰো মৃত্যু হৈছিল।
সময়ে সময়ে আৰক্ষীয়ে অবৈধ মাৰণাস্ত্ৰ সহ অপৰাধীক কৰায়ত্ব কৰে যদিও আইনৰ সুৰুঙাৰে কেইদিনমানৰ পাছতেই জেলৰ পৰা ওলায়েই আকৌ এনে অপৰাধৰ লগত জড়িত হৈ পৰে বহু কুখ্যাত অপৰাধী ।
অপৰাধীৰ হাতলৈ ক’ৰ পৰা সৰবৰাহ হয় এই অবৈধ মাৰণাস্ত্ৰ সমূহ? আশ্চৰ্যজনকভাৱে বিগত বৰ্ষত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই ধিঙৰ টুকটুকীত এটি বৃহৎ বন্দুক নিৰ্মাণৰ কাৰখানা উৎখাত কৰাৰ লগতে বহুতো অবৈধ মাৰণাস্ত্ৰ, বন্দুক আৰু গুলী নিৰ্মাণৰ বহু যন্ত্ৰ-পাতি জব্দ কৰিবলৈ সক্ষম হৈছিল। কিন্তু তাৰপিছতো বহু অপৰাধীয়ে এই বৃহত্তৰ অঞ্চলসমূহত বহু উন্নতমানৰ স্বয়ংচালিত অবৈধ মাৰণাস্ত্ৰৰে চলাই আহিছে চুৰি ডকাইতি আৰু হত্যাৰ দৰে চৰম অপৰাধৰ ঘটনা। এক কথাত মৃত্যুৰ উপত্যকাত পৰিণত হৈ পৰিছে এই অঞ্চলসমূহ।
উল্লেখ্য যে মৈৰাবাৰী-ধিঙৰ পৰা ডিমাপুৰলৈ নিতৌ চলাচল কৰে ৬ খনকৈ নৈশ বাছ। এই নৈশ বাছতেই নিতৌ অবৈধ মাৰণাস্ত্ৰ সমূহ সৰবৰাহ হোৱাৰ অভিযোগ উঠিছে। প্ৰশাসনৰ নিৰ্লিপ্ততাৰ বাবেই এতিয়া এই অঞ্চলসমুহ অপৰাধীৰ ঘাটিত পৰিণত হৈছে।
আনহাতে নগাঁও জিলাৰ বহু চৰকাৰী ভূমিত এচাম সন্দেহজনক নাগৰিকে ঘৰবাৰী সাজি বসতি আৰম্ভ কৰাৰ লগতে বিভিন্ন সময়ত হত্যা, ধৰ্ষণ, চুৰি, ডকাইতি সংঘটিত কৰি জন জীৱন বিপদাপন্ন কৰি তুলিছে। প্ৰশাসনে এই অঞ্চলসমূহত অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেনে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰে সেয়া ভৱিষ্যতৰ বাবে লক্ষণীয় হ’ব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে ।