NORTHEAST NOW (Assamese)

বটদ্ৰৱাত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ গ’ল এটি দুবছৰীয়া শিশুৰ

May 22, 2018 2:55 pm · এন ই নাও নিউজ

নগাঁৱৰ বটদ্ৰৱাত আজি দুপৰীয়া সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এটি ২ বছৰীয়া শিশুৰ মৃত্যু হয়। নিহত শিশুটিৰ নাম মুছিদা হামিন।

উল্লেখযোগ্য যে নগাঁৱৰ বটদ্ৰৱাত আজি দুপৰীয়া এছ ০২ বি চি ২২৭৯ নম্বৰৰ এখন টেম্প’ আৰু  এখন যাত্রীবাহী বাছৰ সৈতে হোৱা  মুখামুখি সংঘৰ্ষৰ ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। ফলত টেম্প’খনত থকা শিশু-মহিলাকে ধৰি কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়।

আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আটাইকেইজনকে তাৎক্ষণিকভাৱে নগাঁও ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কিন্তু দুৰ্ভাগ্যবশত দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত এটি দুবছৰীয়া শিশুৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

স্থানীয় একাংশ সচেতন লোকে জনোৱা অনুসৰি একাংশ টেম্প’ তথা যাত্ৰীবাহী বাছৰ তীব্ৰ গতিবেগৰ বাবেই বিভিন্ন সময়ত এনেদৰে শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। গতিকে স্থানীয় ৰাইজে এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগক এক উচিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে দাবী জনায়।

Related News