NORTHEAST NOW (Assamese)

বদলাপাৰা চাহ বাগিচাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

December 22, 2017 9:01 pm · এন ই নাও নিউজ
Updated: December 22, 2017 10:20 pm

আজি ডিমাকুছিৰ বদলাপাৰা চাহ বাগিচাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো নিকদিম বাৰা (৫২)ৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে নিকদিম বাৰা যোৱা ২৮ নৱেম্বৰত খৰি লুৰিবলৈ যোৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল। আজি তেওঁৰ মৃতদেহটো বদলাপাৰা শ্মশানৰ দাঁতিত উদ্ধাৰ হয়। ইতিমধ্যে ডিমাকুছিৰ আৰক্ষীয়ে মৃতদেহটো স্থানীয় দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নিকদিম বাৰাৰ মৃত্যু আত্মহত্যা নে হত্যাৰ পৰিণতি সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব।

Related News