বনৰীয়াৰ হাতীৰ তাণ্ডৱত সৰ্বস্বান্ত গোৰেশ্বৰবাসী

ৰাজ্যত হাতী মানুহৰ সংঘাত অৱ্যাহত থকাৰ সময়তে গোৰেশ্বৰ অঞ্চলত পুনৰ হাতী-মানুহৰ সংঘাতৰ ঘটনা পোহৰলৈ আহিছে।   বৰনদী অভয়াৰণ্য আৰু ভূটান পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে গোৰেশ্বৰ ৰাজহ চক্ৰৰ নাওকাটাৰ নিজৰাগাওঁ,বাঙালীপাৰা,   চেনীগাও,  জাবাংপাৰ, বেটাগাও, শুৱাগপুৰ, ঔবাৰী আদি কেইবাখনো গাঁৱত প্ৰায় ৬ দিনে অৱস্থান কৰিছে বুলি জানিব পৰা গৈছে।স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে বেলি ডুবাৰ লগে লগে হাতীৰ জাক খাদ্যৰ সন্ধানত ওলাই আহি তাণ্ডৱ চলোৱা আৰম্ভ কৰে৷ ভূটানৰ পৰা বৈ অহা পুঠিমাৰী, শুক্লা নৈৰ কাষে কাষে থকা জাৰণিত আশ্ৰয় লৈ থকা বন্যহস্থীৰ জাকটোৱে নিশা হ’লেই জনবসতি পূৰ্ণ এলেকালৈ ওলাই আহে আৰু সাধাৰণ জনতাৰ খেতি-পথাৰ তহিলং কৰাৰ লগতে ঘৰ-দুৱাৰ ভাঙি হাৰাশাস্তি কৰে। বনৰীয়া হাতীয়ে মানুহৰ ঘৰবোৰ ভাঙি বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে খেতি-পথৰাৰ ধান আৰু কল,তামোল, কুঁহিয়াৰৰ বাগান আদি নষ্ট কৰিছে৷ বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে এক প্ৰকাৰ ৰাজ্য খনত সন্ত্ৰাস চলাই গৈছে যদিও কুম্ভকৰ্ণ নিদ্ৰাত মগন ৰাজ্যৰ বনবিভাগ।  শ-শ লোকৰ নিদ্ৰাহৰণ হৈছে যদিও টোপনিত লালকাল বনবিভাগে সাৰ পোৱা নাই বুলি ৰাইজে বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে।

বনৰীয়া হাতীৰ জাকটোত কেইবাটাও পোৱালি থকা বুলি প্ৰত্যক্ষদৰ্শীসকলে জানিবলৈ দিয়ে। এক তথ্য অনুসৰি বঙালীপাৰা গাঁৱৰ এহাল দম্পত্তি ৰাতি শুই থকা অৱস্থাত হাতীয়ে তেওঁলোকৰ বাসগৃহত আক্ৰমণ চলাই, কিন্তু সৌভাগ্যবশতঃ দম্পত্তি হালে গম পাই পলায়ন কৰাত তেওঁলোকৰ জীৱন ৰক্ষা পৰে। গোৰেশ্বৰ অঞ্চলক কেইবাগৰাকী কৃষকে একেলগে কৰা প্ৰায় ১০ বিঘা মাটিৰ কলৰ বাগান বনৰীয়া হাতীৰ জাকে নষ্ট কৰিছে বুলি জানিব পৰা গৈছে। হাতী-মানুহৰ সংঘাত দিনক-দিনে বৃদ্ধি পাই অহাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো দেখিবলৈ পোৱা গৈছে। ৰাইজে কৰা অভিযোগ অনুসৰি  বৰনদী অভয়াৰণ্যৰ ভিতৰভাগত বন্যহস্তীৰ খাদ্যৰ অভাৱ হোৱাৰ ফলত কেইবাবছৰ ধৰি খাদ্য সন্ধানত বন্যহস্তী ওলাই অহাত অঞ্চলটোত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাইছে।  বনৰীয়া হাতীৰ জাকটোৱে জনসাধাৰণৰ মাজত ত্ৰাসৰ সৃষ্টি কৰাৰ বিপৰীতে অঞ্চলটোৰ ৰাইজ হাতত জাঠি-যোং লৈ হাতী খেদোৱাত ব্যস্ত হৈ পৰিছে।