NORTHEAST NOW (Assamese)

বলিক লৈ পুনৰ সৰৱ জুবিন : মন্দিৰে তেজ নহয় ভক্তি বিচাৰে; গৰু বলি দিব পাৰে নেকি চাব খোজো

June 2, 2018 6:52 pm · এন ই নাও নিউজ

বামুণৰ লগুণ আৰু মন্দিৰত বলিক লৈ কৰা মন্তব্যই ব্যাপক বিতৰ্ক সৃষ্টি কৰাৰ পিছত এইবাৰ ‘সিহঁতে মন্দিৰত গৰু বলি দিব পাৰে নেকি চাব খোজো’ বুলি জুবিন ( Zubeen ) গাৰ্গে কৰা মন্তব্যই পুনৰ বিতৰ্কৰ সূচনা কৰিছে।

মন্দিৰৰ পুৰোহিতৰ ‘সাহ আছে যদি গৰু এটা মাৰক আৰু মোৰ সন্মুখত খাওক’ বুলিও মন্দিৰত বলি-বিধানৰ বিৰোধিতা কৰি শেহতীয়াকৈ কৰা এক ফে’ছবুক প’ষ্টত তেওঁ মন্তব্য কৰিছে।

‘আমাৰ তথাকথিত পুৰোহিতসকলে ম’হৰ মাংস প্ৰসাদৰূপে খাই ভাল পায়’ বুলি উল্লেখ কৰি গাৰ্গে কয় যে গৰু আৰু ম’হ একে ধৰণৰ জীৱ।

জুবিনে লিখিছে যে ‘মন্দিৰে তেজ নিবিচাৰে। ভক্তি বিচাৰে।’ এয়া একবিংশ শতিকা আৰু এতিয়া এই চিন্তাটো বাস্তৱত পৰিণত কৰিব লাগে বুলিও তেওঁ মন্তব্য কৰিছে।

তেওঁ লগতে ‘মই সকলো ধৰ্মকে ভাল পাওঁ। কিন্তু দেখিছো মাত্ৰ কিছুমান মন্দিৰত এই জীৱহত্যা চলি আছে।’

উল্লেখযোগ্য যে মন্দিৰত জীৱবলিৰ বিৰোধিতা কৰি শেহতীয়াকৈ কৰা মন্তব্যৰ পিছতে জুবিনলৈ পেতা (PETA)ই এক সন্মান আগবঢ়াইছে।

Related News