NORTHEAST NOW (Assamese)

বশিষ্ঠ আৰক্ষীৰ জালত পৰিল দুই গভাইত গাড়ী চোৰ

April 16, 2018 9:33 pm · কল্পজ্যোতি শইকীয়া

ৰাজ্যখনত ক্ৰমান্বয়ে গাড়ী চুৰি চক্ৰৰ সংখ্যা বৃদ্ধি পোৱাৰ সময়তে কালি অৰ্থাৎ দেওবাৰে দুটাকৈ গভাইত গাড়ী চোৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰে।

আৰক্ষী সুত্ৰই জনোৱা অনুসৰি হাইলাকান্দিৰ পাঁচগ্ৰামৰ পৰা দুটা চোৰে শনিবাৰে নিশা এখন ট্ৰাক বিক্ৰী কৰিবৰ বাবে চুৰ কৰি লৈ আহিছিল। গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে ভেটাপাৰা চাৰিআলিত পাৰ্কিং কৰি থোৱা অৱস্থাতে চোৰদুটাসহ ট্ৰাকখন জব্দ কৰে।

আৰক্ষীয়ে আটক কৰা চোৰ দুটাক হাইলাকান্দি পাঁচগ্ৰামৰ মুজাকিৰ হুছেইন আৰু বৰপেটা হাউলীৰ আব্দুল মজিদ আলী বুলি জানিব পৰা গৈছে।

উদ্ধাৰ কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ১১ বি চি ০১৯১ বুলি বশিষ্ঠ থানাৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে, আজি পুৱাই হাইলাকান্দি আৰক্ষীয়ে চোৰ দুটাসহ ট্ৰাকখন বশিষ্ঠ থানাৰ পৰা লৈ যায়।

বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে ট্ৰাকখনৰ স্বত্বাধিকাৰী কোন সেয়া জানিব পৰা হোৱা নাই।

Related News