NORTHEAST NOW (Assamese)

বস্ত্ৰনগৰী শুৱালকুছিত উপ-কোষাগাৰ উদ্বোধন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

June 29, 2018 2:35 pm · এন ই নাও নিউজ
ফাইল ফটো

বস্ত্ৰনগৰী শুৱালকুছিত আজি উদ্বোধন হ’ল উপ-কোষাগাৰ । কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ উপস্থিতিত আজি উপ-কোষাগাৰটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক তথা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে বিগত বাজেট অধিৱেশনৰ সময়তে মন্ত্ৰী ড০ শৰ্মাই শুৱালকুছিত এটা উপ-কোষাগাৰ স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল। আৰু সেই ঘোষণা মৰ্মেই আজি উপ-কোষাগাৰটো উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে।

উপ-কোষাগাৰ মুকলিৰে বৃহত্তৰ অঞ্চলটোৰ শিক্ষা প্ৰতিষ্ঠানকে ধৰি অসম চৰকাৰৰ বিভিন্ন কাৰ্যালয়ৰ কৰ্মচাৰীৰ দা-দৰমহা আৰু অন্যান্য কাম-কাজৰ সহায়ক হ’ব। উল্লেখ্য যে পূব বংশৰ আৰু পশ্চিম বংশৰ মৌজাৰ ৭৪ টা ডিডিঅ’ৱে এই কাৰ্যালয়টোৰ জৰিয়তে দৰমহা গ্ৰহণ কৰিব পাৰিব।

আনহাতে এই কাৰ্যসূচীৰ পাছতে মন্ত্ৰী শৰ্মাই কামৰূপ জিলাৰ দদৰাত জিলা মাধ্যমিক শিক্ষা বিষয়াৰ কাৰ্যালয় আৰু কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় গৃহও উদ্বোধন কৰিব বুলি উপায়ুক্তগৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related News