ভাৰতীয় পেৰা কামাণ্ডোৱে ম্যানমাৰৰ ভূমিত এনএছচিএন খাপলাঙৰ তালাচী চকীত বুধবাৰে সংঘটিত কৰা ছাৰ্জিকেল ষ্ট্ৰাইক অভিযানটো এটা প্ৰতিশোধাত্মক আক্ৰমণ যেন লাগে। জুন মাহৰ ১৮ তাৰিখে এনএছচিএন-খাপলাং আৰু আলফাই আছাম ৰাইফলছৰ ওপৰত সংঘটিত কৰা আক্ৰমণৰ প্ৰতিশোধকল্পে এই ছাৰ্জিকেল ষ্ট্ৰাইক সংঘটিত কৰা হৈছে। এই আক্ৰমণত আছাম ৰাইফলছৰ ৩গৰাকী সেনা নিহত হৈছিল।
নৰ্থ-ইষ্ট নাওত পূৰ্বতে প্ৰকাশিত হৈছিল যে এনএছচিএন-খাপলাঙৰ অস্থায়ী শিবিৰত পেৰা এছএপৰ এই আক্ৰমণত বিদ্ৰোহী সংগঠনটোৰ ৫জন সদস্য নিহত হৈছিল। বিশেষ বাহিনীৰ গোটটোৱে ৰাতি প্ৰায় ২-০০ বজাত নাগালেণ্ডৰ মন জিলাৰ আন্তঃজাতিক সীমাত থকা ১৫১ নং খুটিটো পাৰ হৈ গৈ ম্যানমাৰত প্ৰৱেশ কৰি শ্বৱেলোৰ আশে পাশে থকা বিদ্ৰোহী সংগঠনটোৰ শিবিৰত আক্ৰমণ সংঘটিত কৰিছিল।
কিন্তু ম্যানমাৰৰ ফালৰ পৰা আহিব পৰা বিৰূপ প্ৰতিক্ৰিয়া এৰাই চলিবৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে এই সম্পৰ্কে বিশেষ প্ৰচাৰ কৰা নাই।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ম্যানমাৰৰ অভ্যন্তৰত অৱস্থিত বিদ্ৰোহীৰ ঘাটীত ভাৰতীয় পেৰা এছএফৰ কামাণ্ডোৱে আক্ৰমণ সংঘটিত কৰাৰ পাছত তদানিন্তন প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে এই অভিযান সম্পৰ্কে যথেষ্ট উচ্চ-বাচ্য কৰিছিল আৰু ইয়াৰ বিপৰীতে ম্যানমাৰ চৰকাৰে ভাৰতীয় সেনা বাহিনীৰ দ্বাৰা ম্যানমাৰৰ সীমা লংঘন কৰাৰ তীব্ৰ প্ৰতিবা সাব্যস্ত কৰিছিল।
তাৰ পাছত নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু ৈদেশিক সচিব এছ জয়শংকৰে ম্যানমাৰলৈ গৈ পৰিস্থিতি সম্ভালিবলগীয়া হৈছিল।
ম্যানমাৰৰ গণতান্ত্ৰিক নেত্ৰী আৰু এতিয়া স্বৰূপাৰ্থত ম্যানমাৰৰ নেত্ৰী আং ছেন ছু ৎশ্বিয়ে (Aung San Suu Kyi) ম্যানমাৰৰ ভূমিত ভাৰতীয় কামাণ্ডোৱে অভিযান চলোৱাটো ম্যানমাৰৰ সাৰ্বভৌমত্বৰ ওপৰত এটা আঘাত বুলি হৈ ইয়াৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল।
ছু ৎশ্বিৰ এনএলডি পাৰ্টীয়ে ২০১৫ চনৰ নৱেম্বৰৰ নিৰ্বাচনত বিৰাট বিজয় সাব্যস্ত কৰাৰ পাছত ম্যানমাৰৰ সেনা বাহিনীয়ে ভাৰতীয় সেনা বাহিনীক আশ্বাস প্ৰদান কৰিছিল যে ‘ম্যানমাৰৰ ভূমিক ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ এৰি দিয়া নহ’ব।’
ম্যানমাৰৰ উত্তৰ পশ্চিম সেনাৰ মেজৰ জেনেৰেল ফন মিয়াতে যোৱা বছৰ তেওঁৰ শ্বিলং ভ্ৰমণৰ সময়চোৱাত ভাৰতীয় সেনা বাহিনীয়ে তেওঁৰ আতিথ্য কৰাৰ সময়ত এই আশ্বাস প্ৰদান কৰিছিল। কিন্তু ম্যানমাৰৰ ভূমিৰ পৰা ভাৰতীয় সেনা বাহিনীৰ ওপৰত সংঘটিত শেহতীয়া আক্ৰমণত ভাৰতীয় সেনা সেনা বাহিনী আৰু অৰ্ধ-সামৰিক বাহিনী অত্যন্ত আক্ৰমণাত্নক হৈ আছে। ভাৰততীয় সেনা বাহিনীৰ তৰফৰ পৰা কোৱা হৈছে যে ম্যানমাৰৰ ছাগাইং ডিভিজনত থকা এনএছচিএন-খাপলাং আৰু অন্য বিদ্ৰোহী সংগঠনক বতাড়িত কৰাৰ ক্ষেত্ৰত ম্যানমাৰৰ সেনা বাহিনীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰা নাই।
সামৰিক চোৰাংচোৱা সূত্ৰই জনাইছে যে টাগাৰ আশে পাশে বিদ্ৰোহীৰ সুৰক্ষিত বেষ্টনি থকাই নহয়, বিদ্ৰোহীসকলে সীমাৰ কাষে কাষে ভালেমান অস্থায়ী শিবিৰো স্থাপ কৰিছে।
সীমাত মোতায়েন থকা বাৰ্মাৰ সেনা বাহিনীয়ে এই সীমান্তত অৱস্থিত তুলনামূলকভাৱে দুৰ্বল বিদ্ৰোহী শিবিৰসমূহৰ ওপৰত আক্ৰমণ সংঘটিত কৰাৰ বিশেষ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা নাই।
ভাৰতৰ সামৰিক চোৰাংচোৱাৰ বিষয়াসকলে কৈছে যে ভাৰতৰ ভূখণ্ডত আক্ৰমণ সংঘটিত কৰাৰ বাবে বিদ্ৰোহী গোটসমূহে এই অস্থায়ী শিবিৰসমূহ ব্যৱহাৰ কৰে।
এয়াই হৈছে এই সপ্তাহৰ আক্ৰমণৰ ব্যাখ্যা। নাগালেণ্ডত মোতায়েন এগৰাকী শীৰ্ষ সামৰিক বিষয়াই এই প্ৰতিৱেদকৰ আগত প্ৰকাশ কৰিছে যে সীমাৰ সীপাৰে কৰা আক্ৰমণ সদায় এটা বিকল্প হৈ আহিছে আৰু যেতিয়াই বাহিনীৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰাৰ বাবে প্ৰয়োজন হয় এনে আক্ৰমণ সংঘটিত কৰা হৈ থাকিব।
তেওঁ কয়, ‘এয়া হৈছে সক্ৰিয় বিদ্ৰোহ দমন নীতিৰ এটা অংশ।’
উল্লেখ্য যে যোৱা বছৰৰ সন্মিলীত প্ৰচেষ্টা স্বত্তেও এনএছচিএন-খাপলাঙক আলোচনাৰ মেজলৈ প্ৰচেষ্টা বিফল হোৱা যেন অনুমান হয়।
যোৱা বছৰ নাগা বিদ্ৰোহী নেতা এছ এছ খাপলাঙৰ মৃত্যুৰ পাছত চীনত প্ৰশিক্ষিত খংগা কনিয়াকে (Khonga Konyak) এনএছচিএন-খাপলাঙৰ নেতৃত্ব গ্ৰহণ কৰাৰ পাছত গোটটোৱো ভৰতৰ সৈতে আলোচনাত বহাত অনিচ্ছা প্ৰকাশ কৰিছে। গোটটোৰ ধাৰণা যে দিল্লীয়ে মুইভা গোটটোক অগ্ৰাধিকাৰ দিছে।
মুইভা গোটৰ সৈতে দিল্লীয়ে স্বাক্ষৰ কৰিব বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত এনএছচিএন-খাপলাং গোটৰ স্থিতি কঠোৰ হৈ পৰাটো পৰিলক্ষিত হৈছে।