ভাৰতে অহা ২৮ জুনৰ পৰা বাংলাদেশী নাগৰিকৰ বাবে পুনৰ পৰ্যটন ভিছা প্ৰদান আৰম্ভ কৰিবলৈ ওলাইছে।বাংলাদেশত থকা ভাৰতীয় কূটনৈতিক মিছনৰ ওপৰত আক্ৰমণৰ বাবে ভিছাৰ কাম-কাজত বাধা আৰোপ কৰা হৈছিল। এই সিদ্ধান্ত প্ৰায় দুবছৰৰ মূৰত লোৱা হৈছে।
বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত দীনেশ ত্ৰিবেদীয়ে বৃহস্পতিবাৰে ঢাকাৰ যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ (আইভিএচি) ভ্ৰমণৰ সময়ত এই ঘোষণা কৰে।
দীনেশ ত্ৰিবেদীয়ে কয়, “মই আপোনালোকক জনাবলৈ পাই অতি সুখী যে আমি পৰ্যটন ভিছাৰ বাবে স্বাভাৱিক আবেদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিছো। এই আবেদনসমূহ ২৮ জুন (২০২৬) দেওবাৰৰ পৰা দাখিল কৰিব পাৰিব।”
তেওঁ লগতে কয় যে ভাৰতে মানৱীয় কাৰণত মেডিকেল ভিছা আৰু অন্যান্য জৰুৰী আৱেদনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিব।
প্ৰথম অৱস্থাত ঢাকা, ৰাজশাহী, চট্টগ্ৰাম, চিলেট আৰু খুলনাত অৱস্থিত পাঁচটা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰৰ জৰিয়তে পৰ্যটকৰ ভিছাৰ আবেদন গ্ৰহণ কৰা হ’ব। দীনেশ ত্ৰিবেদীয়ে কয় যে ভাৰতে ভৱিষ্যতে এই সেৱা আৰু অধিক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। ইয়াৰ দ্বাৰা আমাৰ দুয়োখন সাৰ্বভৌম দেশৰ মাজত জনসাধাৰণৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব বুলি আমি আশা কৰিছো।
এই ঘোষণাৰ ফলত ভিছাৰ নিষেধাজ্ঞা শিথিল কৰা হয়। মন কৰিবলগীয়া যে বাংলাদেশত ব্যাপক অশান্তিৰ বাবে ২০২৪ চনৰ আগষ্ট মাহত ভাৰতীয় উচ্চায়ুক্তই নিজৰ কাম-কাজ সীমিত কৰিবলৈ বাধ্য হৈছিল আৰু সেই সময়ত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।
২০২৪ চনৰ ৫ আগষ্টত ঢাকাৰ ধানমন্দী অঞ্চলত অৱস্থিত ‘ইন্দিৰা গান্ধী সাংস্কৃতিক কেন্দ্ৰ’ ভাঙি জ্বলাই দিয়া হয়। বাংলাদেশৰ বিভিন্ন চহৰত অৱস্থিত পাঁচটা ভাৰতীয় ভিছা আবেদন কেন্দ্ৰও আক্ৰমণৰ বলি হোৱাৰ লগতে উন্নয়নমূলক প্ৰকল্পত কাম কৰা ভাৰতীয় শ্ৰমিকসকলক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছিল। নিৰাপত্তা পৰিস্থিতি আৰু উচ্চায়ুক্তৰ কাৰ্যালয়ত আক্ৰমণৰ বাবে ভাৰতে পৰ্যটকৰ ভিছা সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছিল।
নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মাজতো ভাৰতীয় উচ্চায়ুক্তই মানৱীয় কাৰণত প্ৰয়োজনীয় ভিছা প্ৰক্ৰিয়াকৰণৰ বাবে ঢাকা, চট্টগ্ৰাম, খুলনা, চিলেট আৰু ৰাজশাহীত ভিছা কেন্দ্ৰ পৰিচালনা অব্যাহত ৰাখিছিল। ভাৰতে পৰ্যটন ভিছাৰ বাহিৰে আন সকলো শিতানত প্ৰতিদিনে ১৫০০ৰো অধিক ভিছা প্ৰদান কৰি আছিল। মেডিকেল ভিছা আৰু অন্যান্য জৰুৰীকালীন ভ্ৰমণৰ নথি-পত্ৰসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰা হৈছিল আৰু জৰুৰীকালীন অৱস্থাত আবেদনকাৰীসকলক সহায় কৰাৰ ব্যৱস্থাও কৰা হৈছিল।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বাংলাদেশত ভাৰতৰ নতুন উচ্চায়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত দীনেশ ত্ৰিবেদীয়ে ঢাকাৰ বংগভবনত ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনক নিজৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। তেওঁক গাৰ্ড অৱ অনাৰেৰে আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি চাহাবুদ্দিনে ভাৰতীয় দূতক আদৰণি জনায়। তেওঁ নিজৰ কাৰ্যকালত দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াব বুলি আশা প্ৰকাশ কৰে।
প্ৰমাণপত্ৰ প্ৰদান অনুষ্ঠানৰ অন্তত ত্ৰিবেদীয়ে যমুনা ফিউচাৰ পাৰ্কত অৱস্থিত ভাৰতীয় ভিছা আবেদন কেন্দ্ৰ পৰিদৰ্শন কৰি কাম-কাজসমূহৰ বুজ লয়। তাতেই তেওঁ বাংলাদেশী নাগৰিকৰ বাবে পুনৰ পৰ্যটন ভিছা সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।
যোৱা ১২ জুনত পেট্ৰাপোল-বেনাপোল সীমান্তৰে পথেৰে ঢাকাত উপস্থিত হয় ত্ৰিবেদীয়ে। তেওঁ প্ৰণয় কুমাৰ ভাৰ্মাৰ স্থানত দায়িত্ব লয়। চলিত বৰ্ষৰ মে’ মাহলৈকে দেশখনত আছিল প্ৰণয়। তেওঁ চাৰি বছৰ বাংলাদেশত ভাৰতৰ উচ্চায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
পশ্চিম বংগৰ বাৰাকপুৰৰ প্ৰাক্তন সাংসদ দীনেশ ত্ৰিবেদীয়েও প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ইউ পি এ চৰকাৰৰ দিনত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কেবিনেটত থকাৰ সময়ত তেওঁ ৰে’ল মন্ত্ৰালয়ৰ দায়িত্ব লোৱাৰ পূৰ্বে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।





