NORTHEAST NOW (Assamese)

বাইকৰ তীব্ৰ গতিয়েই কাল হ’ল : পৰীক্ষাৰ পৰা ওভতাৰ পথতে পুৰণিগুদামত দুৰ্ঘটনাত পতিত হৈ নিহত দুজন ছাত্ৰ

May 14, 2018 4:30 pm · এন ই নাও নিউজ

নগাঁও জিলাৰ পুৰণিগুদামত আজি দুপৰীয়া সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত দুজন ছাত্ৰৰ মৃত্যু হয়।

উল্লেখযোগ্য যে মটৰচাইকেলেৰে দ্ৰুত বেগত আহি দুজন ছাত্ৰই এখন যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু মেজিকত খুন্দিওৱাৰ ফলতেই এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে ছাত্ৰ দুজন নগাঁৱৰ জুৰিয়াৰ পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি ওভতাৰ পথতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে গুৰুতৰভাৱে আহত ছাত্ৰদ্বয়ক স্থানীয় ৰাইজৰ তৎপৰতাত নগাঁও অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু চিকিৎসালয়তে ছাত্ৰদ্বয় নিহত হয়। নিহত ছাত্ৰদ্বয় বিকি বৰা আৰু মৃদুপৱন হাজৰিকা বুলি জানিব পৰা গৈছে। লগতে নিহত ছাত্ৰদ্বয় নগাঁৱৰ জুৰীয়াৰ নিৱাসী বুলি জানিব পৰা গৈছে।

আনহাতে এই দুৰ্ঘটনাৰ ফলত দুজনকৈ ছাত্ৰৰ এনেদৰে মৃত্যু হোৱাত অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। স্থানীয় একাংশই ছাত্ৰদ্বয়ে তীব্ৰবেগত মটৰচাইকেল চলোৱাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে।

Related News