• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বাইচুঙৰ ৰাজনীতিত যোগদানৰ সিদ্ধান্তক আদৰণি ছিকিম গণতান্ত্ৰিক মৰ্চাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 19, 2018 12:02 pm
Bhaichung-Bhutia-570x320

বাইচুং ভূটিয়া

101
VIEWS
Share on FacebookShare on Twitter

ছিকিমৰ শাসকীয় দল ছিকিম গণতান্ত্ৰিক মৰ্চাই ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটিয়াই ৰাজনীতিৰ যোগদানৰ বাবে লোৱা সিদ্ধান্তক আদৰণি জনাইছে।

ৰাজনীতিত যোগদানৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মৰ্চাৰ নেতা তথা ৰাজ্যৰ বন মন্ত্ৰী শ্বেৰিং ৱাংডি লেপ্চাই কয় যে ‘’ ছিকিমৰ এগৰাকী নাগৰিক হিচাপে মই তেওঁক আৰু তেওঁৰ নতুন দলটোক আদৰণি জনাইছো। মই আশা কৰিছো তেওঁ মাত্ৰ মমতা বেনাৰ্জীৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বী হোৱাতকৈ ছিকিমৰ জনসাধাৰণৰ উন্নতিৰ কাৰণে তথা তেওঁলোকৰ বাবে ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে প্ৰয়াস কৰিব।‘’

‘’বাইচুং হৈছে ছিকিমৰ সন্তান আৰু তেওঁৰ ক্ৰীড়া নৈপুণ্যই ছিকিমৰ লগতে দেশখনৰ বাবে সন্মান কঢ়িয়াই আনিছে। আমি তেওঁকলৈ অত্যন্ত গৌৰৱান্বিত। ছিকিমৰ জনসাধাৰণৰ প্ৰতি মোৰ এটাই অনুৰোধ তেওঁলোকে এই নতুন পৰিস্থিতিটোৰ প্ৰতি সজাগ হওক আৰু এই ঘটনা প্ৰবাহৰ ওপৰত দৃষ্টি ৰাখক যিটো ছিকিমৰ ৰাজনৈতিক ক্ষেত্ৰখন অস্থিৰ কৰাৰ কৌশলো হ’ব পাৰে,’’-মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।

বাইচুং সম্পৰ্কত ছচিয়েল মিডিয়াত কৰা প’ষ্টটোৰ বিষয়ে যোগাযোগ কৰাত বনমন্ত্ৰীগৰাকীয়ে সেয়া নিশ্চিত কৰিছে।‘’আমি ছিকিমৰ ৰাজনীতিত বাইচুঙক আদৰণি জনাইছো কিন্তু এইটো স্থানীয় বা আঞ্চলিক দল হ’বই লাগিব।‘’

‘’আমি আন ৰাজনৈতিক দলক আমাৰ শান্তিপূৰ্ণ ৰাজ্যখনত তেওঁলোকৰ শিপা বৃদ্ধি কৰিব দিব নিবিচাৰো। আমি ছিকিমৰ ভিতৰতে ছিকিমীৰ মাজত প্ৰতিদ্বন্দ্বিতা বিচাৰো,’’- শ্বেৰিং ৱাংডিয়ে কয়।

যোৱা ২৮ জানুৱাৰীত ছিকিম এক্সপ্ৰেছে বাতৰি পৰিৱেশন কৰিছিল যে বাইচুঙে বংগৰ ৰাজনীতি ত্যাগ কৰি শীঘ্ৰেই গৃহ ৰাজ্য ছিকিমৰ ৰাজনীতিত প্ৰৱেশ কৰিব।

২০১৪ চনত বাইচুঙে দাৰ্জিলিং লোকসভা সমষ্টিৰ পৰা আৰু ২০১৬ চনত শিলিগুড়ি বিধানসভা সমষ্টিৰ পৰা পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল।

Recent News

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

ষ্ট্ৰবেৰী: আপোনাৰ স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট ফল, জানক ইয়াৰ উপকাৰিতা

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ যত্নৰ বাবে চাকৰি এৰা মাতৃক জীৱিকাৰ অধিকাৰ দিলে দিল্লী উচ্চ ন্যায়ালয়ে

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

অসমৰ শিক্ষা ক্ষেত্ৰত নতুন সংযোজন! উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে আৰম্ভ কৰিছে ৩টা নতুন ঐচ্ছিক বিষয়

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

দীঘলীপুখুৰী-নুনমাটি উৰণ সেতু নিৰ্মাণৰ বাবে স্থানান্তৰিত কৰা হ’ব ৩০ৰ পৰা ৩৫ জোপা গছঃ লোকনিৰ্মাণ বিভাগে সদৰী কৰিলে তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd