বাইছুং ভূটীয়াৰ পদক্ষেপক আদৰণি জনাইছে ছিকিম ফুটবল সন্থাই

বাইছুং ভূটীয়া

ফুটবল প্ৰীতিৰ পুনৰ এক নিদৰ্শন দাঙি ধৰি ভাৰতীয় ফুটবল জগতৰ চিৰ পৰিচিত ছবি বাইছুং ভূটীয়া আগবাঢ়ি আহিল সহায়ৰ উদ্দেশ্য লৈ। ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভূটীয়াই এই উদ্দেশ্যৰে ছিকিমৰ ছিনিয়ৰ মহিলা ফুটবল দলটোক প্ৰযোজনীয় খেলৰ সা-সামগ্ৰী যোগান ধৰে। কিয়নো ছিকিমৰ দলটোৱে উৰিষ্যাৰ কটকত অনুষ্ঠিত হ’বলগীয়া ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব।

শণিবাৰে দলটোৰ খেলুৱৈ তথা অন্য সদস্যসকলক যাৱতীয় পোছাক প্ৰদান কৰি ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক ভূটীয়াই সংবাদ মাধ্যমৰ আগত কয়, ‘ৰাজ্যখনৰ মহিলা দলটোক সহায় কৰাটো মোৰ বাবে সন্মানৰ বিষয় লগতে নিজকে মই গৰ্বিত অনুভৱ কৰিছো’।

তদুপৰি প্ৰাক্তন অধিনায়কগৰাকীয়ে ৰাজ্যখনৰ শিশু ফুটবলাৰৰ লগতে মহিলা খেলুৱৈ সকলক অগ্ৰাধিকাৰ দিয়াৰ বাবে ‘বাইছুং ভূটীয়া ফুটবল স্কুল’ (BBSF) কৰ্তৃপক্ষকো কৃতজ্ঞতা জ্ঞাপন কৰে। আৰু এই দলটোৱে অনাগত প্ৰতিযোগিতাখনত উন্নত প্ৰদৰ্শন কৰাৰ বাবে শুভেচ্ছা প্ৰদান কৰে বাইছুং ভূটীয়াই।

আনহাতে বাইছুং ভূটীয়াই মহিলা দলটোৰ প্ৰতি দেখুওৱা এনে নিদৰ্শনক ছিকিম ফুটবল সন্থাৰ উপ-সভাপতি চিৱাং পল চাংদেৰপাই ধন্যবাদ জনায়।

মহিলা দলটোৰ প্ৰশিক্ষক পুষ্পা গুৰুঙেও বাইছুং ভূটীয়া আৰু BBSFক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মহিলা দলটোৱে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ পূৰ্বে লাভ কৰা প্ৰশিক্ষণ তথা সহায়ৰ বাবে ধন্যবাদ জনায় ছিকিম ফুটবল সন্থাক।

এনেদৰে সহায় তথা উৎসাহ পায় থাকিলে ভৱিষ্যতত মহিলা দলে যথেষ্ট ভাল ফলাফল আগবড়াব বুলি প্ৰশিক্ষকগৰাকীয়ে মন্তব্য কৰে। উল্লেখযোগ্য যে ছিকিমৰ মহিলা দলটোত কেইবাগৰাকীও আন্তৰাষ্ট্ৰীয় তথা প্ৰতিভাসম্পন্ন খেলুৱৈৰে সমৃদ্ধ।

স্মৰ্তব্য যে সমাগত প্ৰতিযোগিতাখনত মুঠ ২০ গৰাকী খেলুৱৈয়ে ছিকিমৰ দলটোক প্ৰতিনিধিত্ব কৰিব। তদুপৰি দলে ২৮ জানুৱাৰিৰ দিনা তামিলনাডুৰ বিৰুদ্ধে প্ৰথম খেলত অৱতিৰ্ণ হৈ লীগৰ শুভাৰম্ভণি কৰিব।

বৰ্তমান ছিকিমৰ মহিলা দলটোৱে চোৰেঙত আয়োজিত প্ৰশিক্ষণ শিবিৰত প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি চলায় আছে।