বাওঁ আৰু সোঁ ৰাজনীতিত উত্তাল হোৱা ত্ৰিপুৰাত অভূতপূৰ্ব নিৰাপত্তাৰ মাজত ভোট

Voters-in-tripura-570x320

নিজৰ ভোটাধিকাৰ সাব্যস্তৰ বাবে শাৰী পাতি থকা ত্ৰিপুৰাৰ ভোটাৰ।

যোৱা কেইদিনমান ধৰি বাওঁ আৰু সোঁ ৰাজনীতিয়ে ৰাজনৈতিক-সামাজিক পৰিৱেশ উত্তাল কৰি তোলা ত্ৰিপুৰাত অভূতপূৰ্ব নিৰাপত্তাৰ মাজত আজি পুৱা ৭ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে।

মুঠ ৬০ খন আসনৰ ভিতৰত ৫৯ খন আসনৰ বাবে আজি ভোটদান হ’ব। এই ভোটদানৰ জৰিয়তে ২৫,৩৬,৫৮৬ জন ভোটাৰে মুঠ ২৯২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰে ২৩ গৰাকী মহিলা। আনহাতে চাৰিলাম বিধানসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ দেৱবৰ্মনৰ মৃত্যু হোৱা বাবে সমষ্টিটোৰ  নিৰ্বাচন অহা ১২ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে।

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে আজি আবেলি ৪ বজাত ভোটদান পৰ্ব অন্ত পৰিব। মুঠ ৩,২১৪ টা ভোটদান কেন্দ্ৰত ভোটগ্ৰহণ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে ৪৭ টা ভোটকেন্দ্ৰ কেৱল মহিলাৰ দ্বাৰা পৰিচালিত।

এইবাৰ ৰাজ্যখনৰ নিৰ্বাচন তথা ভোটদান প্ৰক্ৰিয়াত দেখিবলৈ পোৱা অভূতপূৰ্ব দৃষ্টান্তটো হ’ল অভূতপূৰ্ব নিৰাপত্তা। ৰাজ্যখনত শেহতীয়াকৈ উত্থান কৰা সোঁ-ৰাজনীতিৰ লগতে বাওঁ দলবিলাকৰো কৰ্মীসকল অতি সক্ৰিয় হৈ থকাত ইয়াত আইন-শৃংখলাজনিত পৰিস্থিতি জটিল হৈ পৰাৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিততে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে এইবাৰ ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত দেশৰ শাসনত থকা দল বিজেপিয়ে নিজৰ স্থিতি সবল কৰাই নহয়, দেশৰ শীৰ্ষ স্তৰৰ সকলো নেতাই জোৰদাৰ প্ৰচাৰ চলাইছিল ৰাজ্যখনত।
ত্ৰিপুৰাৰ নিৰ্বাচনী বিষয়া শ্ৰীৰাম তাৰিণীকান্তিয়ে শনিবাৰে আবেলি এখন সংবাদমেলত কৈছিল যে নিৰ্বাচন নিকা, নিৰপেক্ষ আৰু ভয়হীন কৰাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰি তোলা হৈছে। সমগ্ৰ ৰাজ্যখনতে উপযুক্ত সংখ্যক নিৰাপত্তা ৰক্ষী মোতায়েন কৰাৰ কথা তেওঁ উল্লেখ কৰিছিল। ভাৰত-তিবেত সীমান্ত আৰক্ষীৰ সঞ্চালক প্ৰধান আৰ কে পঞ্চানন্দক বিশেষ নিৰাপত্তা নিৰীক্ষক নিযুক্তি দিয়া হৈছে বুলি তেওঁ জনায়।
‘আগতীয়া সতৰ্কতা হিচাপে ৰাজ্যখনত ১৪৪ ধাৰা জাৰি কৰা হৈছে আৰু ভোটদান পৰ্বত কোনো অপঘটনা সৃষ্টি কৰিব খোজা যিকোনো পক্ষৰ বিৰুদ্ধেই আইনে কঠোৰ ব্যৱস্থা ল’ব।’ তেওঁ কয়।
উল্লেখযোগ্য যে ৰাজ্যখনৰ ভোট গণনা অহা ৩ মাৰ্চত সম্পন্ন হ’ব। বৰ্তমান ৰাজ্যখনত বাওঁ মৰ্চাই শাসন কৰি আছে।