NORTHEAST NOW (Assamese)

বাক্সাৰ তামুলপুৰত নাগৰিক পঞ্জী সন্দৰ্ভত সজাগতা সভা প্ৰশাসনৰ

June 30, 2018 10:41 pm · দীপক কুমাৰ পাঠক

বাক্সা জিলা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ ৰাজহ চক্ৰত নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত আজি নাগ্ৰীজুলি বজাৰত এখন নাগৰিক সজাগতা সভা অনুষ্ঠিত হয়।

নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া জ্যোতিষ কাকতিৰ পৌৰহিত্যত অনুষ্ঠিত সভাত তামুলপুৰ মহকুমাৰ সহকাৰী আয়ুক্ত ডিম্পী গগৈ, সহকাৰী আয়ুক্ত হৃদয় কুমাৰ দাস, এন.আৰ. চি. জড়িত বিষয়া তথা তামুলপুৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা তপন শইকীয়া, এল,আৰ, চি, আৰ, হেমন্ত শৰ্মা, মঞ্জেন বড়ো, ভাওৰাগুৰি গাওঁৰ গাওঁবুঢ়া কুমুদ দাস, নাগ্ৰীজুলি ভি,চি, ডি, চি, ৰ অধ্যক্ষ প্ৰদীপ সৰকাৰ, নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিংহ, জেষ্ঠ্য নাগৰিক মিত্রালাল শৰ্মাকে ধৰি ভালে সংখ্যক নাগৰিক আৰু বিশিষ্ট লোক সকল উপস্থিত থাকে আৰু এন,আৰ, চি, ৰ সম্পৰ্কে প্ৰকৃত ভাৰতীয় নাগৰিক সকল এই ক্ষেত্ৰত কোনো ধৰণৰ ভয় আৰু শঙ্কা কৰাৰ কাৰণ নাই বুলি বুজাই দিয়ে।

কোনো লোকৰ এন,আৰ, চি, ত নাম বাদ পৰিলেও পুনৰ তেওঁলোকৰ নাম কিদৰে অন্তৰ্ভুক্ত কৰিব পৰা যাব সেই সন্দৰ্ভটো বক্তাসকলে বক্তব্য ৰাখে। আজিৰ এই নাগৰিক সজাগতা সভাত নাগ্ৰীজুলি এন,এছ,কে, মতিগাঁও এন,এছ,কে, লাউপাৰা এন,এছ,কে, টেবিতোলা এন,এছ,কে, আৰু অৰঙাজুলী এন,এছ,কে, ৰ অধীনৰ কেইবা শতাধিক লোক উপস্থিত থাকে। সফল এন,আৰ,চি, এখন প্ৰস্তুত কৰাত ৰাইজে যাতে প্ৰশাসনক সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবেও এন,আৰ, চি, ৰ বিষয়া সকলে ৰাইজক আহ্বান জনায়।

এন,আৰ, চি, সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজৰ কিবা প্ৰশ্নৰ উদ্ৰেক হলে এন,আৰ, চি, ৰ লগত জড়িত বিষয়া কৰ্মচাৰী সকলৰ ওচৰ চাপিবলৈও আহ্বান জনায় বিষয়া কৰ্মচাৰী সকলে।

Related News