বাক্সা জিলাৰ নাগ্রীজুলিত বন্যহস্তীৰ তাণ্ডৱ; বন বিভাগৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ

বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ নাগ্রীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন গাঁৱত বন্যাহস্তীৰ নিৰৱছিন্ন উপদ্ৰৱে নিদ্ৰা হৰণ কৰিছে হেজাৰ হেজাৰ সৰ্বসাধৰণ গঞা লোকক।

উল্লেখযোগ্য যে যোৱা কিছুদিন পূৰ্বে খাদ্যৰ সন্ধানত পোৱালি সহ পাহাৰৰ পৰা নামি অহা ডেৰ শতাধিক হাতীৰ এটি জাকে নাগ্ৰীজুলি চাহ বাগিচা আৰু বৰনদীৰ পাৰত নিশা বিভিন্ন গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ অব্যাহত ৰাখিছে।

প্ৰাপ্ত তথ্য মতে বৃহস্পতিবাৰে নিশা শতাধিক হাতীৰ এটি বিশাল জাক চাহ বাগিচা খনৰ ৭ নম্বৰ শ্ৰমিক লাইনত প্ৰৱেশ কৰি ধৰম পান্না নামৰ শ্ৰমিক জনৰ পকী ঘৰ এটা সম্পূৰ্ণৰূপে ভাঙি পেলায় আৰু ঘৰৰ ভিতৰত থকা বহু পৰিমানৰ ধান, চাউল, আতা আদিকে ধৰি বিভিন্ন সামগ্রী সমূহ খাই পেলায়। খাদ্য সামগ্ৰী খাই ক্ষান্ত নাথাকি হাতীৰ জাকটোৱে ধৰম পান্নাৰ ঘৰৰ ভিতৰত থকা বহু মূল্যৱান আচবাব আদিও ভাঙি পেলায়। ধৰম পান্নাৰ উপৰিও আন কেইবাটাও শ্ৰমিকৰ ঘৰৰ ক্ষতি সাধন কৰে হাতীৰ জাকটোৱে।

আনহাতে বনৰীয়া হাতীৰ জাকটোৱে ২ নম্বৰ ডোঙৰগাঁও আৰু অৰঙাজুলি গাওঁটো প্ৰৱেশ কৰিব চেষ্টা চলায় যদিও ৰাইজে জুই জ্বলাই, টিন, কাঁহী-বাতি বজাই, ফটকা ফুটাই হাতীৰ জাকটোক গ্ৰামাঞ্চলত প্ৰবেশ কৰাত বাধা দিয়ে। ইপিনে খাদ্যৰ অভাৱত থকা হাতীৰ জাকটোৱে গ্ৰামাঞ্চলত প্ৰৱেশ কৰাত বাধা পাই তীব্ৰ আক্ৰমণাত্মক হৈ পৰা দেখা যায়।

মন কৰিব লগীয়া যে বনৰীয়া হাতীৰ জাকটো খেদি পঠিওৱাৰ ক্ষেত্ৰত বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলি বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে বৃহত্তৰ নাগ্রীজুলি অঞ্চলৰ ৰাইজ। লগতে বন বিভাগে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে অতিষ্ঠ ৰাইজে অনাতি পলমে বন বিভাগৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে।

উল্লেখযোগ্য যে ৪ জুলাইৰ নিশাও নাগ্রীজুলি চাহ বাগিচাৰ ৬ নম্বৰ শ্ৰমিক লাইন আৰু ৮ নম্বৰ শ্ৰমিক লাইনৰ লগতে ২ নং ডোংৰগাঁৱত হাতীৰ জাকে প্ৰৱেশ কৰি ৭ টাকৈ পৰিয়ালৰ বাসগৃহ লণ্ড ভণ্ড কৰাৰ উপৰি দুখনকৈ দোকান ভাঙি চুড়মাৰ কৰিছিল।