বাজেটত উল্লেখ থকা এটা কামো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পৰা নাই বিজেপি চৰকাৰে : সুনীল ৰাজকোঁৱৰ

SunilRajkhowa

‘’ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে হওক অথবা দেশৰ প্ৰধান মন্ত্ৰীয়ে হওক তেওঁলোকে নিৰপেক্ষতা অৱলম্বন কৰিব পৰা নাই। কেবিনেটৰ মন্ত্ৰীসকলে শুনাত শুৱলা লগাকৈ বহু কথা কয় ঠিকেই, কিন্তু বাস্তৱিকতে তেওঁলোকে এটা কামো সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব পৰা নাই।‘’

-আজি মহানগৰীৰ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলৰ পিছত নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত এই মন্তব্য কৰে আঞ্চলিকতাবাদী অসম গণ পৰিষদৰ সভাপতি সুনীল ৰাজকোঁৱৰে।

বিজেপি চৰকাৰে বাজেটত নিৰ্ধাৰিত প্ৰতিশ্ৰুতি বৰ্তমানলৈকে সম্পূৰ্ণৰূপে ৰূপায়ণ নকৰা বুলি মন্তব্য কৰি তেওঁ কয় ‘’যোৱা বাজেটত উল্লেখ থকা অনুসৰি প্ৰত্যেকখন গাৱঁত ১ কোটি ২০ লাখ টকাকৈ প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া সম্পূৰ্ণ নহ’ল। গাঁৱৰ কথা বাদ দিয়ক গুৱাহাটী উন্নয়ন বিভাগে মাত্ৰ ৩ শতাংশ ধন খৰচ কৰিছে বুলি বিধানসভাত কৈছিল। তেতিয়াহ’লে এই বাজেটখনক লৈ আলোচনা কৰাৰে যুক্তি নাথাকে।‘’

তেওঁ কয়, ‘’তেওঁলোকে অষ্টাদশ মুকুতাৰ মালা নামাকৰণ কৰে, লুক ইষ্ট পলিচি সলাই লুক এক্ট পলিচি নাম দিয়ে। এই লুক এক্ট পলিচি নাম দি তেওঁলোকে ১৯৬৯ চনৰ পৰা লাভ কৰি অহা বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰিলে।‘’

আনহাতে বিশেষ ৰাজ্যৰ মৰ্য্যদা থাকিলে তেওঁ কেন্দ্ৰীয় বাজেটৰ পৰা ৩০ শতাংশ বাজেট লাভ কৰিলেহেঁতেন বুলি মন্তব্য প্ৰকাশ কৰি নৰ্থ-ইষ্ট নাওক কয় ‘’এই ৩০ শতাংশ পুঁজিৰে ৯০ শতাংশ অনুদান আৰু ১০ শতাংশ ঋণ হিচাপে লাভ কৰিছিল। কিন্তু এইখন চৰকাৰ শাসনলৈ আহিয়ে ২০১৫ চনত এই লাভ কৰি থকা সুবিধাকণো নাইকিয়া কৰি পেলালে।‘’

ইয়াৰোপৰি  উত্তৰ-পূবৰ উদ্যোগ নীতি বাতিল কৰা বুলি অভিযোগ তুলি সভাপতিগৰাকীয়ে কয় ‘’২০০৭ চনৰ পৰা চলি অহা উদ্যোগ নীতি কেন্দ্ৰৰ বিজেপি চৰকাৰে বাতিল কৰাৰ পিছৰে পৰা বহুতো উদ্যোগ বন্ধ হৈ গৈছে।‘’

লক্ষণীয় যে সভাপতিগৰাকীয়ে চাহ জনগোষ্ঠী লোকসকলক বিজেপি চৰকাৰে ম’বাইল প্ৰদান কৰা আঁচনিৰ বিৰোধিতা কৰে।

এই সন্দৰ্ভত তেওঁ কয় ‘’কংগ্ৰেছে পূৰ্বতে লুকাই-চুৰ কৰি সামগ্ৰী বিতৰণ কৰিছিল আৰু বিজেপিয়ে আকৃষ্ট কৰিবলৈ এই ব্যৱস্থা হাতত লৈছে। তেওঁলোকৰ এই ব্যৱস্থাৰ জৰিয়তে চাহ জনজাতিক অপমান কৰিব বিচাৰিছে। কেবল এটা জনজাতিকহে প্ৰদান কৰা হ’ল কিন্তু সকলোকে সমান চকুৰে চোৱা নহ’ল।‘’

আনহাতে তেওঁ কয় ‘’বিজেপিয়ে ব্যক্তিগত লাভালাভৰ বাবে কাম কৰিছে। লগতে সমগ্ৰ জাতিটোক ধ্বংস কৰাৰ বাবে এই কাম কৰি আছে। পূৰ্বৰ বাজেটৰ একো কাম কৰিব নোৱাৰিলে যিহেতু এই বাজেটখন দলীয় স্বাৰ্থতহে ব্যৱহাৰ কৰিবৰ বাবে লৈছে।‘’

লক্ষণীয় যে বাজেট অধিৱেশন চলি থকা সময়ত মন্ত্ৰীসকল বিধানসভাত নথকাৰ অভিযোগ কৰি ৰাজকোঁৱৰে কয়, ‘’বৰ্তমান বিধানসভাৰ অৱস্থা পুতৌজনক। মন্ত্ৰীৰ লগতে বিধায়কসকল উপস্থিত নাথাকে। এজন মন্ত্ৰীয়ে ২২ টাকৈ বিভাগৰ উত্তৰ দিয়াটো সম্ভৱ নেকি?

ত্ৰিপুৰাৰ নিৰ্বাচনটো অসমৰ জনসাধাৰণৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ নে অসমৰ বাজেট অধিৱেশনখন গুৰুত্বপূৰ্ণ? খোদ বিত্ত মন্ত্ৰীয়ে বাজেট অধিৱেশনৰ সময়ত উপস্থিত নাছিল।‘’

সাক্ষাৎকাৰৰ শেষৰফালে সুনীল ৰাজকোঁৱৰে এই বাজেটখনক সৰ্বসাধাৰণৰ বাজেটৰ বিপৰীতে নিৰ্বাচনকেন্দ্ৰিক তথা বিজেপিৰ দলমুখী বাজেট বুলি মন্তব্য কৰে।