কাঠমাণ্ডু পোষ্টত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰত আৰু নেপালৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ এটা পুনৰীক্ষণৰ সময়ত বাণিজ্যিক ভাৰসাম্যহীনতা হ্ৰাস কৰাৰ বাবে নেপালে ভাৰতৰ বিনিয়োগ আকৰ্ষণ কৰাৰ প্ৰস্তাৱ ৰাখিছে।
প্ৰতিৱেদনটোত কোৱা হৈছে যে ৯-১০ তাৰিখে অনুষ্ঠিত হোৱাদ্বিপাক্ষিক বাণিজ্যিক আলোচনাচক্ৰখনত দুয়ো দেশৰ মাজৰ বাণিজ্যিক ভাৰসাম্যতা বজাই ৰখাৰ বাবে নেপালে ভাৰতৰ বিনিয়োগৰ ওপৰত বিশেষ মনোযোগ দিছে।
চৰকাৰী বিষয়াৰ উদ্ধৃতিৰে প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে যদিহে নেপালে বাৰতৰ পৰা অধিক বিনিয়োগ আকৰ্ষণ কৰিব পাৰে তেন্তে ভাৰত-নেপালৰ বাণিজ্যিক ঘাটী পূৰ্ণ হ’ব। বিষয়াসকলে আৰু কৈছে যে ভাৰতৰ বিনিয়োগ অবিহনে ভাৰতৰ সৈতে নেপালৰ আমদানি বিকল্প আৰু বাণিজ্যিক ঘাটী পূৰ্ণ কৰা সম্ভৱ নহয়।
বাণিজ্য চুক্তি পুনৰীক্ষণ কাৰিকৰী সমিতিৰ (Trade Treaty Review Technical Committee) অধ্যক্ষ ৰবি শংকৰ সৈঞ্জুৱে কৈছে, ‘‘নেপালত ভাৰতীয় বিনিয়োগে আমাক ভাৰতীয় মূল্য-শৃখলা আৰু বজাৰত উজু প্ৰৱেশাধিকাৰ প্ৰদান কৰিব।’’
দুয়োখন দেশৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বাণিজ্যিক ব্যৱধান হ্ৰাস কৰাৰ বাবে নেপালে ভাৰতৰ সাহায্য বিচাৰিছে।
বিগত বিত্তীয় বছৰৰ প্ৰথম ১১ মাহত নেপালে ভাৰতলৈ ৪২.৩৪ বিলিয়ন টকাৰ সামগ্ৰী ৰপ্তানি কৰাৰ বিপৰীতে ভাৰতৰ পৰা নেপালে কৰা আমদানি সামগ্ৰীৰ মূল্য আছিল ৭৩১ বিলিয়ন টকা।
প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে দীৰ্ঘ দিন ধৰি নেপালে প্ৰস্তুতকাৰী খণ্ডটোত ভাৰতৰ পৰা বিদেশী প্ৰত্যক্ষ বিনিয়োগ লাভ কৰা নাই। ৯০ৰ দশকত প্ৰস্তুতকাৰী খণ্ডটোত নেপালৰ বহুজাতিক কোম্পানী যেনে ডাবুৰ, এছিয়ান পেইণ্টছ, য়ুনিলিভাৰ আদিয়ে নেপালত বিৰাট পৰিমাণৰ বিনিয়োগ কৰি যৌথ ব্যৱসায় নহয় নিজস্ব মালিকাধীন আনুসংগিক ব্যৱসায় আৰম্ভ কৰিছিল।
নেপালত ভাৰতৰ প্ৰস্তুতকাৰী খণ্ডটো মুঠ ভাৰতীয় বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ ২০ শতাংশ যদিও শেহতীয়া দশকটোত অধিক পৰিমাণৰ বিনিয়োগ শক্তি খণ্ডত কৰা হৈছে।
নেপালৰ প্ৰাক্তন বিত্ত সচিব ৰামেশ্বৰ খানালে চৰকাৰৰ এই প্ৰস্তাৱত ইতিবাচক দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে।
খানানে কৈছে, ‘‘বিৰাট বাণিজ্যিক ঘাটী হ্ৰাস কৰা, নিয়োগ সৃষ্টি কৰা আৰু বহনক্ষম বিকাশৰ বাবে নেপালে ভাৰতৰ মূল্য-শৃখলৰ সৈতে জড়িত হৈ থাকিব লাগিব।
উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিলত বাণিজ্য, স্থানান্তৰ আৰু সহযোগিতামূলক ভাৰত-নেপাল আন্তঃচৰকাৰী সচিব পৰ্যায়ৰ আলোচনাচক্ৰত নেপাল আৰু ভাৰতে চলিত দ্বিপাক্ষিক বাণিজ্যিক চুক্তি পুনৰীক্ষণ কৰাত সন্মত হৈছিল।