NORTHEAST NOW (Assamese)

বাণীপুৰত অনুষ্ঠিত দক্ষতা বিকাশৰ এমহীয়া কৰ্মশালাৰ আজি সামৰণি পৰে

February 6, 2018 9:55 pm · অভিক চক্ৰৱৰ্তী

ডিব্ৰুগড় জিলাৰ বাণীপুৰত অৱস্থিত পঞ্চায়ত আৰু গ্ৰামীণ বিকাশৰ ৰাজ্যিক প্ৰতিষ্ঠানত অনুষ্ঠিত দক্ষতা বিকাশ কাৰ্যসূচীৰ এমহীয়া কৰ্মশালাৰ আজি সামৰণি পৰে।

ৰাজপুথানা ৰাইফলছৰ ৯ নং বেটেলিয়ানে আয়োজন কৰা কৰ্মশালাখনত জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা মুঠ ৫৭ গৰাকী নিবনুৱা প্ৰাৰ্থীক নিৰ্বাচিত কৰা হৈছিল।

২১ গৰাকী মহিলা তথা ৩৬ গৰাকী পুৰুষ প্ৰাৰ্থীয়ে অংশ লোৱা কৰ্মশালাত প্ৰাৰ্থীসকলক এয়াৰ কণ্ডিচনাৰ আৰু ফ্ৰিজ মেৰামতি, সৌন্দৰ্যচৰ্চাৰ বিদ্যা আৰু সাজ-পোছাক চিলোৱাৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

সামৰণি অনুষ্ঠানত উপস্থিত থাকি কমাণ্ডিক অফিচাৰ কৰ্নেল মুকেশ পাণ্ডে, ডিব্ৰুগড়ৰ ম’হকুমা দণ্ডাধীশ মানস দাস আৰু পঞ্চায়ত আৰু গ্ৰামীণ বিকাশৰ ৰাজ্যিক প্ৰতিষ্ঠান, গুৱাহাটীৰ বিজয়া কৰে অংশ গ্ৰহণকাৰী সকলক তেওঁলোকে কৰ্মশালাখনত লাভ কৰা কাৰিকৰী শিক্ষাক নিয়মীয়াকৈ অনুশীলন কৰিবলৈ পৰামৰ্শ দিয়ে।

ডিব্ৰুগড় জিলা প্ৰশাসনৰ পুঁজিৰে অনুষ্ঠিত কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণকাৰী সকলক পঞ্চায়ত আৰু গ্ৰামীণ বিকাশৰ ৰাজ্যিক প্ৰতিষ্ঠানৰ ফালৰ পৰা প্ৰমাণপত্ৰ প্ৰদান কৰা হয়।

Related News