বানপানীৰ সৈতে মোকাবিলা কৰাৰ বাবে নতুন উদোগ কাজিৰঙা কৰ্তৃপক্ষৰ

Entrance-of-Kaziranga-National-Park-678x381

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই আগন্তুক বানপানীৰ সৈতে মোকাবিলা কৰাৰ বাবে কেইটামান নতুন উদ্যোগ গ্ৰহণ কৰিছে। শীৰ্ষস্থানীয় বন বিষয়াসকল উপস্থিত থকা কাজিৰঙা অভয়াৰণ্যত অনুষ্ঠিত শেহতীয়া পুনৰীক্ষণ সভাখনত  বাৰিষাৰ সময়চোৱাত গ্ৰহণ কৰিবলগীয়া নতুন উদ্যোগসমূহ সম্পৰ্কে আলোচনা কৰা হৈছিল।

পূৰ্বীয় অসম বন্যপ্ৰাণী ডিভিজনৰ ( কাজিৰঙা ) ডিভিজনেল ফৰেষ্ট অফিচাৰ ৰোহিনী বল্লভ শইকীয়াই জনাইছে যে বানপানীৰ সময়ত বনপ্রাণীক উদ্ধাৰ কৰাৰ খৰতকীয়া কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ভিন্ন ভিন্ন স্থানত বহু কেইখন স্পীডবোট সাজু কৰি ৰখা হৈছে।

বন বিষয়াগৰাকীয়ে আৰু কয়, ‘‘তাৰোপৰি, জৰুৰীকালীন অৱস্থাৰ সময়ত প্ৰয়োজনত আহিব পৰাকৈ আমি ভাসমান বন শিবিৰ তৈয়াৰ কৰাৰ ব্যৱস্থা কৰিছোঁ। এই ভাসমান শিবিৰসমূহত সুসজ্জিত বনৰক্ষীসকল থাকিব আৰু তেওঁলোকে যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ মুখামুখি হ’ব পৰাকৈ প্ৰস্তুত থাকিব।’’ বন বিষয়াগৰাকীয়ে আৰু কয় যে ভাসমান শিবিৰসমূহে অভয়াৰণ্যখনৰ ভিতৰুৱা এলেকাসমূহত তহলদাৰী কৰাত সহায়ক হ’ব।

এগৰাকী শীৰ্ষ বন বিষয়াই কৈছে যে উচ্চ মাত্ৰাৰ শব্দ হোৱা বাবে স্পীডবোটৰ ব্যৱহাৰ যিমান পাৰি কমকৈ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

ডিএফঅ শইকীয়াই আৰু কৈছে যে যোৰহাট এনআইচিয়ে  (NIC) এটা কম্পিউটাৰ এপ্লিকেশ্যনৰ বিকাশ সাধন কৰিছে যাৰ সহায়ত কাজিৰঙাৰ তালাচী চকীত কৰ্তব্যৰত বনৰক্ষীসকলে যান-বাহনৰ গতি-বিধিৰ ওপৰত চকু ৰাখিব পাৰিব।

ইতিমধ্যে  বন্যপ্ৰাণী পুনৰ্বাসন আৰু সংৰক্ষণ কেন্দ্ৰ (Centre for Wildlife Rehabilitation and Conservation, চমুকৈ CWRC) আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পশু-চিকিৎসা গোটে পশ্চিম ৰেঞ্জৰ বাগৰি আৰু বুঢ়াপাহাৰ ৰেঞ্জত ভ্ৰাম্যমান পশু-চিকিৎসা গোটসমূহ মোতায়েন কৰি দ্বাৰা বন্যপ্ৰাণীক চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।