বান পৰিস্থিতিৰ বুজ ল’বলৈ কাইলৈ বৰাকত উপস্থিত হ’ব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল

sonowal

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

বছৰৰ প্ৰথমটো বানত বিধ্বস্ত হৈ পৰা বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ কাইলৈ দুপৰীয়া শিলচৰত উপস্থিত হ’ব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মুখ্য মন্ত্ৰী সোণোৱালে পোনে পোনে শিলচৰৰ পৰা হাইলাকান্দি জিলাৰ বান পৰিস্থিতিৰ বুজ ল’ব আৰু প্ৰশাসনৰ সৈতে এক আলোচনাত অংশগ্ৰহণ কৰি কৰিমগঞ্জ জিলাৰ বানৰ বুজ লৈ জিলা প্ৰশাসনৰ সৈতেও বৈঠকত অংশ লৈ শিলচৰলৈ ঘূৰি আহিব।

আনহাতে মুখ্য মন্ত্ৰী সোণোৱালে শিলচৰ চহৰ, ৰংপুৰ আৰু চহৰৰ সমীপৱৰ্তী এলেকাৰ বানৰ ক্ষয়- ক্ষতিৰ বুজ লোৱাৰ লগতে কেইবাটাও আশ্ৰয় শিবিৰ পৰিদর্শন কৰিব। ইয়াৰ পাছত কাছাৰ জিলা প্ৰশাসনৰ সৈতে এখন বৈঠকত মিলিত হ’ব মুখ্য মন্ত্ৰী সোণোৱাল।উক্ত বৈঠকত জলসম্পদ আৰু দুৰ্যোগ মোকাবিলা বিভাগৰ লগতে জনস্বাস্থ্য, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ মত বিনিময় কৰিব সোণোৱালে।

উল্লেখযোগ্য যে বৰাক আৰু কুছিয়াৰা  নদীৰ পানী সম্প্ৰতি বিপদ সীমাৰ তললৈ নামিছে যদিও বহু ঠাই এতিয়াও বানৰ কবলত আছে। শিলচৰ- কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ বহু বাট- পথ বানৰ তাণ্ডৱত বিধ্বস্ত হৈ থকাৰ উপৰি কেইবাটাও গড়কাপ্তানী পথ বন্ধ হৈ আছে। এতিয়াও স্বাভাৱিক অৱস্থালৈ অহা নাই জনজীৱন। বানৰ প্ৰবলতাৰ বাবে শিলচৰ- বদৰপুৰ- লামডিং ৰে’ল সেৱাও অনিশ্চয়তাৰ মাজত আছে।

উল্লেখযোগ্য যে বানৰ কবলত পৰি বৰাকত এই পৰ্যন্ত ২১ গৰাকী লোকৰ মৃত্যু হৈছে। মৃত ব্যক্তিৰ পৰিয়ালক  চৰকাৰী এককালীন সাহায্য হিচাপে ৪ লাখ টকা সাহাৰ্য দিয়া হৈছে। মুখ্য মন্ত্ৰী সোণোৱালে বৰাকৰ বানৰ ক্ষয়- ক্ষতিৰ বুজ লোৱাৰ সময়ত বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে বলি প্ৰকাশ কৰিছে একাংশ সূত্ৰই।