NORTHEAST NOW (Assamese)

বালিপৰাত গৰাখহনীয়াৰ কবলত কেইবাখনো গাঁও; পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ক্ষুব্ধ গাঁওবাসী

June 27, 2018 6:59 pm · ঋতুপৰ্ণ চক্ৰৱৰ্ত্তী
ফাইল ফটো

শোনিতপুৰ জিলাৰ বালিপৰাত গৰাখহনীয়াৰ কবলত পৰিছে কেইবাখনো গাঁও, ইয়াৰে ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২ নং শান্তিপুৰ গাঁও আজিও চৰকাৰী বিভিন্ন আঁচনিসমূহৰ পৰা বাৰে বাৰে বঞ্চিত হৈ আহিছ।

গাঁওখনৰ মাজেদি বৈ গৈছে জৰাসৰ নৈ। এই জৰাসৰ নৈৰ গৰাখনহীয়াৰ কবলত পৰি এতিয়া গাঁওখনৰ অধিকাংশ লোক সৰ্ৱশ্ৰান্ত হৈ পৰিছে। তদুপৰি গৰাখহীয়াৰ কবলত পৰি কেইৱাটাও পৰিয়ালে গাঁও এৰি গুচি যাব লগীয়া হৈছে।

তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি গাঁওবাসীক প্ৰতাৰনা কৰিছে পঞ্চায়ত প্ৰতিনিধিসকলেও।

উল্লেখযোগ্য যে জৰাসৰ নৈৰ গৰাখহনীয়া ৰোধ কৰি মঠাউৰি নিৰ্মাণৰ বাবে এনৰেগা (MGNREGA) আঁচনিৰ অধীনত পুঁজি আৱন্তন হোৱাৰ পিছত পঞ্চায়ত প্ৰতিনিধিয়ে গাওঁবাসীক মাত্ৰ ২০ দিনৰ বাবে কামত লগাইছিল। কিন্তু সেয়াও এতিয়া ফুটুকাৰ ফেনত পৰিনত হ’ল, কিয়নো ২০ দিনকৈ গাঁওখনৰ অধিকাংশ লোকক এনৰেগাৰ অধীনত কামত লগোৱাৰ পিছত আজি ৫ মাহ উকলি যোৱাৰ পিছতো পঞ্চায়ত প্ৰতিনিধি আৰু তদানিন্তন কনিষ্ঠ অভিযন্তাই আজি পৰ্য্যন্ত তেওঁলোকক প্ৰাপ্য ধন নিদিলে।

গাঁঁওবাসীসকলে প্ৰাপ্য ধন বিচাৰি গ’লে পঞ্চায়ত প্ৰতিনিধিসকলে তেওঁলোকক বিভিন্ন কথা কৈ বিষয়টোৰ পৰা গা এৰাই চলি থাকে বুলিও অঞ্চলটোৰ লোকসকলে অভিযোগ কৰে।

Related News