বিকল বাছ ৰখাৰ নামতেই শ্বিলং ৰাজহুৱা পৰিবহণ সেৱাই মাহে ভাৰা দিব লাগে ৫০ হাজাৰ টকা

STPS_Bus

মেঘালয় চৰকাৰে যোৱা দুবছৰতকৈ অধিক সময় শ্বিলং ৰাজহুৱা পৰিবহণ সেৱা (STPS)ৰ বিকল বাছ ৰখাৰ বাবে মাহে প্ৰায় ৫০ হাজাৰকৈ টকা ভৰি আহিছে। পূৰ্বৰ চৰকাৰখনৰ পৰা ব্যয় হৈ অহা এই অপ্ৰয়োজনীয় খৰচৰ কথা ৰাজহুৱা কৰিছে নতুন চৰকাৰৰ নগৰ উন্নয়ন পৰিক্ৰমা মন্ত্ৰী হেমলষ্টন দলিঙে। এক অনুসন্ধানৰ সময়ত তেওঁ এই কথা জানিব পৰা বুলি কয়।

সূত্ৰটোৱে কয় যে এই সমূদায় ধন আদায় দিয়া হয় এই বিকল বাছবোৰ ৰখা তিনিটা স্থানৰ ব্যক্তিগত ভূমিৰ গৰাকীক। ঠাইকেইডোখৰ হৈছে মাওপাত, লাইটকোৰ আৰু মাওলাই মাওকিনৰো। আনহাতে মাওব্লেইৰ চৰকাৰী মাটিতো ৭খন বিকল বাছ ৰখাই থোৱা হৈছে।

অতি শেহতীয়াভাৱে চৰকাৰৰ নগৰ পৰিক্ৰমা বিভাগে মুঠ ৫৩খন বিকল বাছকেইখন গুচাই পেলাবলৈ প্ৰস্তাৱ দিছিল। উল্লেখযোগ্য যে এই বাছকেইখন ২০১০ চনত জৱাহৰলাল নেহৰু আৰবান ৰিনিউৱেল মিশ্যন নামৰ কেন্দ্ৰ আঁচনিৰ অধীনত অনুমোদিত হৈছিল।

সূত্ৰটোৱে জনোৱা মতে, লাইটকোৰত ১৭খন বাছ ৰখাই থোৱা হৈছে আৰু মাটিডোখৰৰ গৰাকীয়ে তাৰ বাবে মাহে ৪০ হাজাৰকৈ টকা লয়। সেইদৰে মাওলাই মাওকিনৰোত ৯খন বাছ ৰখাই থোৱা আছে আৰু এই মাটিডোখৰৰ গৰাকীয়ে এখন বাছৰ বিনিময়ত প্ৰতিমাহে ৫৫০ টকাকৈ মুঠ ৪৯৫০ টকাকৈ লৈ আহিছে। আনফালে মাওপাতত ২০ খন বাছ ৰখাই থোৱা হৈছে আৰু প্ৰতিমাহে মাটিৰ গৰাকীয়ে ৫ হাজাৰকৈ টকা লৈ আহিছে। এইখিনি টকা ছিনৰোপ্লাং নামৰ এটা আত্মসহায়ক গোটে দি আহিছে, যিটোৱে বাছবোৰ চলোৱাৰ বাবে চৰকাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল।

এই ডিপোটবোৰ পৰিদৰ্শন কৰাৰ পিছত নগৰ পৰিক্ৰমা মন্ত্ৰী দলিঙে কয় যে তেওঁ এই বাছবোৰৰ অৱস্থা পৰীক্ষা কৰিবৰ বাবে সিদ্ধান্ত লৈছে।

“কিছুমান বাছ অলপ ভাল কৰিলেই চলিব পাৰে আৰু কিছুমান অতি খৰচ হ’ব বাবে মেৰামতি কৰা অসম্ভৱ হ’ব” দলিঙে এইদৰে কয়। তেওঁ এই বাছবোৰে বিভাগটোক অপ্ৰয়োজনীয় খৰচৰ বোজা দি আছে বুলি কয়। এই সন্দৰ্ভত তেওঁ তাৎক্ষণিকভাৱে প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিছে, যাতে এই অপ্ৰয়োজনীয় খৰচৰ পৰা সকাহ পাব পাৰি। তেওঁ এই বাছবোৰ দেশৰ বিখ্যাত গাড়ী নিৰ্মাণ কোম্পানি অশোক লেইলেণ্ডৰ দ্বাৰা যোগান ধৰিছিল আৰু এইবোৰৰ ইঞ্জিনৰ গণ্ডগোল আছিল আৰু লগতে এইবোৰৰ স্পেয়াৰ পাৰ্টছ পাবলৈ নাই বুলি জানিবলৈ দিয়ে। বিভাগটোৱে এই গাড়ীবোৰ কিনাৰ পূৰ্বে বিক্ৰীৰ পিছৰ সেৱা লাভ কৰাটো নিশ্চিত কৰা উচিত আছিল বুলিও তেওঁ কয়।