বিকাশ জাইৰু : আইএছএলত গল স্ক’ৰ কৰা প্ৰথম গৰাকী ছিকিমৰ ফুটবলাৰ

bikash-jairu-570x320

ছিকিমৰ ফুটৱলৰ গৌৰৱময় ইতিহাসত এক নতুন মাত্ৰা প্ৰদান কৰি বিকাশ জাইৰুৱে দেশৰ আগশাৰীৰ ফুটবল প্ৰতিযোগিতা ইণ্ডিয়ান ছুপাৰ লীগৰ এখন খেলত এটা গল প্ৰদানেৰে লীগত প্ৰথমগৰাকী ছিকিমৰ খেলুৱৈ হিচাপে নাম অন্তৰ্ভুক্ত কৰিছে।

পশ্চিম ছিকিম জিলাৰ মুখ্য সদৰ গেজিঙৰ ২৭ বছৰীয়া দ্ৰুতবেগী খেলুৱৈগৰাকীয়ে বৃহস্পতিবাৰে সন্ধিয়া মুম্বাইত জামছেদপুৰ এফ চিৰ হৈ এগৰাকী পৰিৱৰ্তিত খেলুৱৈ হিচাপে খেলপথাৰত প্ৰৱেশ কৰি খেল সমাপ্ত হ’বলৈ ছয় মিনিট বাকী থাকোতে মুম্বাইৰ বিৰুদ্ধে গলটো দিয়ে।

তেওঁৰ এই গলটোৰে তিনি পইন্ট অৰ্জন কৰি জামছেদপুৰ এফ চিয়ে ছেমিফাইনেললৈ উন্নীত হোৱাৰ সুযোগ উজ্জ্বল কৰি তুলিছে।

উল্লেখযোগ্য যে ইণ্ডিয়ান ছুপাৰ লীগৰ বিভিন্ন ক্লাৱত বৰ্তমান ছয়গৰাকী ছিকিমৰ ফুটবলাৰে খেলি আছে।

এই সাফল্যত উৎসাহিত হৈ পৰা জাইৰুৱে নিজৰ দললৈ আগবঢ়োৱা এই বৰঙণিৰ বাবে অত্যন্ত সুখী।

ছিকিমৰ আন এগৰাকী ফুটবলাৰ ৰবীন গুৰুঙেও জামছেদপুৰ এফ চি দলৰ এগৰাকী ডিফেণ্ডাৰ হিচাপে খেলি আছে।

মুম্বাইক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰি এইবাৰৰ প্ৰতিযোগিতাখনত জামছেদপুৰ এফ চিয়ে প্ৰথমবাৰৰ বাবে শীৰ্ষ চাৰিটা স্থানৰ ভিতৰত প্ৰৱেশ কৰিছে।

আইএছএলত এইবাৰ ভুমুকি মৰা দলটোৱে এতিয়ালৈকে ১৪ খন খেলৰ পৰা  ২২ পইন্ট লাভ কৰিছে।